ETV Bharat / state

Saran Ceremony at Naharkatia: শ্ৰীশ্ৰী চলিহা বাৰেঘৰ সত্ৰত শৰণ ল'লে নক্তে জনগোষ্ঠীয় লোকে

author img

By ETV Bharat Assamese Team

Published : Oct 28, 2023, 7:57 PM IST

নাহৰকটীয়া চাচনীৰ শ্ৰীশ্ৰী চলিহা বাৰেঘৰ সত্ৰত দেখা গ'ল পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ নিদৰ্শন । ধূতি-গামোচা আৰু চেলেং চাদৰ পৰিধান কৰি চাচনী মেৰবিলৰ শ্ৰীশ্ৰী চলিহা বাৰেঘৰ সত্ৰত শৰণ ল'লে অৰুণাচলৰ নক্তে জনগোষ্ঠীয় ব্যক্তিয়ে ।

Community rituals in Naharkatia
শ্ৰী শ্ৰী চলিহা বাৰেঘৰ সত্ৰত শৰণ ল'লে নক্তে জনগোষ্ঠীয় ব্যক্তিয়ে

নাহৰকটীয়া,২৮ অক্টোবৰ : ধৰ্মৰ নামত ৰাজনীতি, বিভিন্ন ৰাজ্যৰ মাজত সীমা বিবাদকে ধৰি বিভিন্ন কাৰণত সংঘাত আদিৰ ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰি থকা সময়তে নাহৰকটীয়াৰ চাচনীৰ শ্ৰীশ্ৰী চলিহা বাৰেঘৰ সত্ৰত দেখা গ'ল পাহাৰ-ভৈয়ামৰ সম্প্ৰীতি । অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ দেওমালীৰ নামচাং গাঁৱৰ ২৫ গৰাকী নক্তে জনগোষ্ঠীয় ব্যক্তিয়ে ধুতি, গামোচা আৰু চেলেং চাদৰ পৰিধান কৰি চাচনী মেৰবিলৰ শ্ৰীশ্ৰী চলিহা বাৰেঘৰ সত্ৰত শৰণ লৈ পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰে ।

লগতে আওঁৰালে মহাপুৰুষ মাধৱদেৱে ৰচনা কৰা "তুমি চিত্ত বৃত্তি মোৰ" প্ৰাৰ্থনা আৰু জুৰিলে হৰিনাম । যি সময়ত অৰুণাচলত খ্ৰীষ্টান ধৰ্মৰ আগ্ৰাসন আৰম্ভ হৈছে তেনে সময়ত এইসকল নক্তে জনগোষ্ঠীয় লোকে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ নকৰি শংকৰদেৱে সৃষ্টি কৰা বৈষ্ণৱ ধৰ্মকে সৰোগত কৰি নামচাং গাঁৱত এটি নামঘৰ প্ৰতিষ্ঠা কৰি পুৱা-গধূলি চাকি-বন্তি জ্বলাই প্ৰাৰ্থনা কৰাৰ লগতে শংকৰ গুৰুজনাৰ বাণী আৰু সৃষ্টিৰাজি অৰুণাচল প্ৰদেশৰ বিভিন্ন ঠাইত বহুলভাৱে প্ৰচাৰ কৰি বৈষ্ণৱ ধৰ্মৰ প্ৰতি আকৰ্ষিত কৰিবলৈ প্ৰচেষ্টা হাতত লৈছে বুলি জানিবলৈ দিয়ে ।

উল্লেখযোগ্য যে সোতৰশ শতিকাত নগা নৰোত্তম ওৰফে লঠা খুনবাও নামৰ এজন ৰজাই শৰণ লৈছিল নাহৰকটীয়া চাচনীৰ মেৰবিলত থকা শ্ৰীশ্ৰী চলিহা বাৰেঘৰ সত্ৰৰ তৃতীয় সত্ৰাধিকাৰ শ্ৰীৰাম আতাৰ ওচৰত । তাৰ পিছতেই গঢ়ি উঠিছিল পাহাৰ-ভৈয়ামৰ মাজত সম্প্ৰীতি তথা সমন্বয়, একতাৰ এনাজৰী । সেই সম্প্ৰীতিৰ এনাজৰীডাল পুনৰ উজ্জীৱিত হৈ উঠিছে ।

আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰখনে অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ বিভিন্ন ঠাইত সৰ্বমুঠ চৈধ্যটা নামঘৰ প্ৰতিষ্ঠা কৰিবলৈ ২ কোটি টকা প্ৰদান কৰাত নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে এইসকল শৰণীয়া ভকত বৈষ্ণৱে । ইয়াৰ মাজতেই নক্তে লোকে গঢ়ি তোলা পাহাৰ-ভৈয়ামৰ এই সম্প্ৰীতিৰ এনাজৰীডালে এতিয়া সকলোকে আকৰ্ষিত কৰা লগতে আহ্লাদিত কৰি তুলিছে ।

লগতে পঢ়ক: Lakshmi puja 2023: বাক্সা জিলাৰ গাৰামদেউত লক্ষ্মী পূজাৰ মহা আয়োজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.