ETV Bharat / state

মহাষ্টমীৰ সন্ধিয়া দেৱীৰ চৰণত ৰাজ্যবাসীৰ মংগল প্ৰাৰ্থনা মুখ্যমন্ত্ৰীৰ - সম্প্ৰীতিৰ এনাজৰী

মুখ্যমন্ত্ৰী সোণোৱালে দেৱীৰ চৰণত ৰাজ্যখনৰ সকলো শ্ৰেণীৰ লোকৰ কুশল-মংগল কামনা কৰাৰ লগতে সকলো স্তৰৰ লোকৰ মাজত যাতে ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰ এনাজৰী অটুট থাকে, তাৰ বাবেও প্ৰাৰ্থনা জনায় ৷

worshiping
মহাষ্টমীৰ সন্ধিয়া দেৱীৰ চৰণত ৰাজ্যবাসীৰ মংগল প্ৰাৰ্থনা মুখ্যমন্ত্ৰীৰ
author img

By

Published : Oct 24, 2020, 10:07 PM IST

ডিব্ৰুগড়, 24 অক্টোবৰ : ডিব্ৰুগড়ত দুৰ্গতিনাশিনীৰ সন্মূখত সেৱা জনায় ৰাজ্যৰ মংগল প্ৰাৰ্থনা মুখ্যমন্ত্ৰীৰ । মহাষ্টমীৰ সন্ধিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড় চহৰৰ জ্ঞানদায়িনী মন্দিৰ পূজা কমিটিৰ উদ্যোগত আয়োজিত দুৰ্গা পূজা মণ্ডপত উপস্থিত হৈ মা দুৰ্গাৰ আশিস গ্ৰহণ কৰে ৷

মহাষ্টমীৰ সন্ধিয়া দেৱীৰ চৰণত ৰাজ্যবাসীৰ মংগল প্ৰাৰ্থনা মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰী সোণোৱালে দেৱীৰ চৰণত ৰাজ্যখনৰ সকলো শ্ৰেণীৰ লোকৰ কুশল-মংগল কামনা কৰাৰ লগতে সকলো স্তৰৰ লোকৰ মাজত যাতে ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰ এনাজৰী অটুট থাকে, তাৰ বাবেও প্ৰাৰ্থনা জনায় ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে সাম্প্ৰতি ক'ভিড-১৯ পৰিস্থিতিত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই সকলোৱে সামাজিক দূৰত্ব আৰু অন্যান্য ক'ভিড প্ৰট'কল মানি দুৰ্গোৎসৱ পালন কৰাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে ৷

ইয়াৰ পিছতে তেওঁ গ্ৰেহেম বজাৰ মিউনিচিপাল কলনী পূজা সমিতি আৰু ইণ্ডিয়া ক্লাব এণ্ড থিয়েট্ৰিকেল ইনষ্টিটিউচনৰ উদ্যোগত আয়োজিত পূজা মণ্ডপ দৰ্শন কৰে ৷ মুখ্যমন্ত্ৰীৰ লগত দুই বিধায়ক ঋতুপৰ্ণ বৰুৱা আৰু প্ৰশান্ত ফুকনকো দেখা যায় ।

লগতে পঢ়ক : মৰিগাঁৱৰ পূজাথলীত বিধায়ক ৰমাকান্ত দেউৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.