ETV Bharat / state

টিংখাংত ৰণডংকা বজালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

author img

By

Published : Dec 9, 2020, 7:54 PM IST

টিংখাং গান্ধী ময়দানত অনুষ্ঠিত ৰাজহুৱা সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ সমাগত বিধান সভাৰ নিৰ্বাচনক কেন্দ্ৰকৰি তৎপৰ হৈ পৰিছে বিজেপি নেতৃত্বাধীন অসম চৰকাৰ ৷ বিশেষকৈ উজনি অসমত থকা চিট সমূহক টাৰ্গেট কৰি লৈছে বিজেপিয়ে ৷ 100 ৰো অধিক আসনৰে 2021 নিৰ্বাচনত পুনৰ দিছপুৰৰ গাদী দখল কৰাৰ চেষ্টা অব্যাহত ৰাখিছে বিজেপিয়ে ৷

টিংখাংত ৰণডংকা বজালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে
টিংখাংত ৰণডংকা বজালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

টিংখাং,9 ডিচেম্বৰ : সমাগত অসম বিধান সভাৰ নিৰ্বাচন ৷ ইতিমধ্যে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলে কঁকালত টঙালি বান্ধিছে ৷ কংগ্ৰেছ, বিজেপি,অগপ, নতুকৈ ৰাজ্যত গঠন হোৱা ৰাজনৈতিক দল-সমূহে নিৰ্বাচনী কুজকাৱাজত ব্যস্ত হৈ পৰা দেখা গৈছে ৷ পিছপৰি ৰোৱা নাই শাসকীয় দল বিজেপি ৷ বুধবাৰে ডিব্ৰুগড় জিলাৰ টিংখাঙত ৰণডংকা বজালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

উল্লেখযোগ্য যে, অসম চৰকাৰে টিংখাং সমষ্টিক জিলিকাই তোলাৰ বাবে মুখ্যমন্ত্ৰীক অভিনন্দন জনাবলৈ বিশাল সভাৰ আয়োজন কৰে টিংখাংৰ বিধায়ক বিমল বৰাই ৷ একদৰে কাৰ্যসূচীত 2016 চনৰ জুন মাহৰ পৰা 2020 চনৰ নৱেম্বৰ মাহলৈকে টিংখাং সমষ্টিত হোৱা উন্নয়ন মূলক কাম কাজ, বিভিন্ন বিভাগৰ পৰা হোৱা উন্নয়নৰ তালিকা সকলোৰে চকুত পৰাকৈ সভাস্থলীত আঁৰি দিয়ে ।

ইপিনে টিংখাংৰ বিধায়ক বিমল বৰাৰ উদ্যোগত আয়োজিত বিশাল জনসভাত অসম চৰকাৰৰ ৰাজহ মন্ত্ৰী যোগেন মহন, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, লাহোৱালৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা, মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ, সোণাৰিৰ বিধায়িকা নবনীতা সন্দিকৈ, সোণোৱাল কছাৰী স্বায়ত্ত শাষিত পৰিষদৰ মুখ্য কাৰ্যবাহী দীপু ৰঞ্জন মাক্ৰাৰী, অসম পেট্ৰ’কেমিকেলৰ অধ্যক্ষ বিকুল ডেকা, বিজেপিৰ ৰাজ্যিক উপ-সভাপতি পুলক গোহাঁই, যুৱ নেতা তৰংগ গগৈ, ডিব্ৰুগড় জিলা পৰিষদৰ সভানেত্ৰী ডেইজী ৰাণী শ্যাম , ডিব্ৰুগড়ৰ উপায়ুক্ত পল্লৱ গোপাল ঝা উপস্থিত থাকে ।

আনহাতে আদৰণী ভাষণ প্ৰসংগত টিংখাং সমষ্টিৰ বিধায়ক বিমল বৰাই টিংখাং সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰি অহা অসমৰ বিত্ত তথা স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকো বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰে । ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনেও ৰসাল বক্তব্য প্ৰদান কৰে । উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম চৰকাৰৰ মৈত্ৰী আঁচনিৰ অধীনত নৱ নিৰ্মিত টিংখাং আৰক্ষী থানা ভৱনটিৰ শুভ উদ্বোধন কৰে।

লগতে পঢ়কঃ পখিলা খেদা বয়সত জটিল ৰোগৰ সৈতে যুঁজিছে এটি শিশুৱে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.