মৰাণ, 9 ফেব্ৰুৱাৰী: 21ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী থকাৰ সময়তে তৎপৰ হৈছে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দল। শাসকীয় দল বিজেপিয়েও অনুষ্ঠিত কৰিছে এখনৰ পাছত আন এখন সভা । সোমবাৰৰ দিনটোত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গৃহ চহৰত কেইবাটাও কাৰ্যসূচীত অংশ গ্ৰহণ কৰাৰ পাচতে 9 ফেব্ৰুৱাৰী অৰ্থাৎ আজি মৰাণত অনুষ্ঠিত হ'বলগীয়া পৃষ্ঠা প্ৰমূখ সন্মিলনত অংশ ল'ব । মৰাণ সমষ্টিৰ কোটোহা পঞ্চায়তৰ নাওজান গাঁৱৰ খেলপথাৰত ভাৰতীয় জনতা পাৰ্টি দলৰ কাৰ্যসূচীৰ অংশস্বৰূপে অনুষ্ঠিত হ'বলগীয়া পৃষ্ঠা প্ৰমুখ সন্মিলনত মুখ্য অতিথিৰূপে উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।
মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে সভাৰ সকলো প্ৰস্তুতি তদাৰক কৰাৰ সমান্তৰালভাৱে সমষ্টিৰ দলীয় কৰ্মী সকলো ব্যস্ত হৈ পৰা পৰিলক্ষিত হয় । ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, বিজেপি নেতা পৰাগ দত্তকে ধৰি বহু কেইজন বিজেপি দলৰ জ্যেষ্ঠ নেতাই সভাৰ সকলো দিশ কৰিলে চোৱা চিতা ।
লগতে পঢ়ক:অসমত কোনো শক্তিয়ে বিজেপিক প্ৰতিহত কৰিব নোৱাৰে: সাংসদ তপন গগৈ