মৰাণ,10 ফেব্ৰুৱাৰী:- মঙলবাৰে মৰাণৰ নাওজান গাঁৱত ১১৫ নং মৰাণ বিধানসভা সমষ্টি ভিত্তিত বিজেপিৰ পৃষ্ঠা প্ৰমূখ সন্মিলন অনুষ্ঠিত হয় । মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈৰ তত্বাৱধানত অনুষ্ঠিত হোৱা আৰু প্ৰায় কেইবা সহস্ৰাধিক বিজেপি কৰ্মী আৰু সমৰ্থক উপস্থিত থকা পৃষ্ঠা প্ৰমূখ সন্মিলনখনত প্ৰথমবাৰৰ বাবে মূখ্য অতিথি হিচাপে মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল উপস্থিত থাকে ।
মৰাণত অনুষ্ঠিত হোৱা সন্মিলনখনত সমষ্টিটোৰ অন্তৰ্গত প্ৰায় তিনি হেজাৰ পৃষ্ঠা প্ৰমূখ কাৰ্যকৰ্তাই অংশ কৰা সন্মিলনখনত বিধায়ক চক্ৰধৰ গগৈ আৰু মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে সকলো পৃষ্ঠা প্ৰমূখক তেওঁলোকৰ নিজ নিজ কৰ্তব্যৰ বিষয়ে বিষদ ভাৱে বুজোৱাৰ লগতে আগন্তুক নিৰ্বাচনলৈ সকলোকে সাজু হ'বৰ বাবে আহ্বান জনায় ।
"সব কা চাথ সবকা বিকাশ" বাণীৰে ৰাজ্যৰ প্ৰতিজন লোকৰ কাষলৈ যোৱাৰ বাবে বিজেপিৰ এই প্ৰয়াস। প্ৰতিজন পৃষ্ঠা প্ৰমূখে নিজ নিজ ঠাইৰ ৬০ জন ভোটাৰক লগ কৰি তেওঁলোকৰ অভাৱ অভিযোগৰ বুজ লোৱাই হৈছে পৃষ্ঠা প্ৰমুখৰ মূখ্য কৰ্তব্য। মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, কংগ্ৰেছ দলে ৫৫ বছৰ শাসনভাৰ চলাই কেৱল দুৰ্নীতি কৰাৰ বাদে উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰিলে । গতিকে কংগ্ৰেছৰ ভুৱা প্ৰতিশ্ৰুতি আৰু ৰাইজে বিশ্বাস নকৰে ।
একেদৰে কংগ্ৰেছে APSC টকা দিয়া চাকৰি লোৱা অনুষ্ঠানলৈ ৰূপান্তৰিত কৰি ৰাখিছিল যদিও আমি এই দুৰ্নীতি নিৰ্মূল কৰাৰ লগতে দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীয়ে মেধাৰ ভিত্তিত চাকৰি পাবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । কংগ্ৰেছে আকাশত শূণ্যত গদা ঘুৰাই আছে, নতুন আঞ্চলিক ৰাজনৈতিক দলক সমালোচনা কৰি কয় যে, তেওঁলোকে কি কৰিব তাক ৰাইজে জানে। গতিকে ২০২১ চনৰ বিধানসভা নিৰ্বাচনত মৰাণত বিজেপিৰ জয় নিশ্চিত হোৱাৰ লগতে ৰাজ্যত পুনৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি কয় সৰ্বানন্দ সোণোৱালে ।
অধিক খবৰৰ বাবে পঢ়কঃ কোকৰাঝাৰত উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাৰ কেইবাটাও দাবীৰে অৱস্থান ধৰ্মঘট