ETV Bharat / state

চৌকিডিঙিৰ পৰা নিৰ্বাচনী ৰণশিঙা বজালে মুখ্যমন্ত্ৰীয়ে

author img

By

Published : Feb 10, 2021, 10:20 AM IST

Updated : Feb 10, 2021, 10:41 AM IST

নিৰ্বাচনী যুঁজলৈ টঙালি বান্ধিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ বিভিন্ন্ কাৰ্যসূচীৰে গৃহ চহৰ ডিব্ৰুগড়লৈ সঘন আহ-যাহ অব্যাহত ৰাখিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

CM Sarbananda Sonowal attend pristha pramukh Sanmilan at Chowkidingee dibrugarh assam etv bharat news
ডিব্ৰুগড়লৈ সঘন আহ-যাহ মুখ্যমন্ত্ৰীৰ

মৰাণ,10 ফেব্ৰুৱাৰী: সহস্ৰাধিক দলীয় কৰ্মীৰ সন্মুখত একপ্ৰকাৰ শক্তি প্ৰদৰ্শন কৰি নিৰ্বাচনী যুঁজলৈ সাজু হ’ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে বিজেপি বিধায়ক প্ৰশান্ত ফুকন ৷ ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰত মঙলবাৰে দিনযোৰাকৈ অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচনীকেন্দ্ৰিক সভা পৃষ্ঠা প্ৰমুখ সন্মিলনত উপস্থিত থাকি মুখ্যমন্ত্ৰীগৰাকীয়ে এই শক্তি প্ৰদৰ্শন কৰে ৷

ডিব্ৰুগড়লৈ সঘন আহ-যাহ মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড় সমষ্টিৰ প্ৰতিগৰাকী দলীয় পৃষ্ঠা প্ৰমুখ আৰু বুথ সদস্যৰ লগত নানা দিশ আলোচনা কৰে ৷ গৃহ চহৰত মুখ্যমন্ত্ৰীগৰাকীয়ে গেৰুৱা দলৰ চৰকাৰে মুকলি কৰা নানা আঁচনিৰ লগতে উন্নয়নৰ কথা কৈ একপ্ৰকাৰ নিৰ্বাচনী ৰণৰ সূচনা কৰিলে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্মিলনতে কংগ্ৰেছ দলৰ লগতে অন্যান্য বিৰোধী দলসমূহক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷

লগতে চাওকঃ মহাজোঁট বন্ধনে বিজেপিৰ কোনোধৰণৰ ক্ষতি নকৰে: সৰ্বানন্দ সোণোৱাল

Last Updated : Feb 10, 2021, 10:41 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.