ETV Bharat / state

Erosion in Dibrugarh: মাইজানত খহনীয়া পৰিদৰ্শন কৰি উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

author img

By

Published : Oct 16, 2022, 3:43 PM IST

দীৰ্ঘদিন ধৰি ডিব্ৰুগড়ৰ মাইজানত অব্যাহত আছে খহনীয়া (Erosion in Dibrugarh)। খহনীয়াৰ ফলত হাহাকাৰ পৰিৱেশ অঞ্চলটোত । দেওবাৰে মাইজান আৰু নগাঘূলীৰ খহনীয়া পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই(CM inspects erosion in maijan) । খহনীয়া ৰোধৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

cm inspects erosion in maijan
মাইজানত খহনীয়া পৰিদৰ্শন কৰি উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

ডিব্ৰুগড়,১৬ অক্টোবৰ: ডিব্ৰুগড়ত উপস্থিত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৽ হিমন্ত বিশ্ব শৰ্মা । দেওবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড় চহৰৰ উপকন্ঠ অঞ্চল মাইজান আৰু নগাঘূলীত অব্যাহত থকা ভয়াবহ গৰাখহনীয়াস্থলিত উপস্থিত হৈ সমগ্ৰ পৰিৱেশ পৰ্যবেক্ষণ কৰে(CM inspects erosion in maijan) । গৰাখহনীয়াস্থলিত উপস্থিত হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰে । চৰকাৰ আৰু জলসম্পদ বিভাগৰ পৰা এই খহনীয়া প্ৰতিৰোধৰ বাবে সকলো ধৰণৰ চিন্তা আৰু কাম কৰা হৈছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে(Prevention of floods and erosion) । তথাপিও নদীৰ সৈতে যুদ্ধ কৰাতো ইমান সহজ নহয় বুলিও মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

উল্লেখ্য যে বিগত এমাহ ধৰি মাইজানত অব্যাহত থকা মহাবাহু ব্ৰহ্মপুত্ৰ গৰাখহনীয়াত ইতিমধ্যে অঞ্চলটোৰ ৪০০ মিটাৰ মাটি নদীৰ বুকুত বিলীন হৈ গৈছে(Erosion in Dibrugarh) । ১৫০ মিটাৰ সুৰক্ষা বান্ধ চিঙি নিছে খহনীয়াই । কেইবাটাও বাসগৃহ ব্ৰহ্মপুত্ৰৰ বুকুত নিঃশেষ হৈছে । লগতে ৫০টা পৰিয়ালে বৰ্তমান মথাউৰিৰ ওপৰত বসবাস কৰিবলগীয়া হৈছে । খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰৰ সমানে সমানে নামি পৰিছে ৰাইজ ।

এছিয়ান ডেভেলপমেন্ট বেংকৰ অৰ্থ সাহায্যত নিৰ্মাণ কৰা সুৰক্ষা বান্ধ ৰক্ষা কৰিবলৈ আপ্ৰাণ চেষ্টা চলাইছে স্থানীয় ৰাইজে । হাজাৰ হাজাৰ শ্ৰমিকৰ শ্ৰমদানেৰে গৰাখহনীয়া প্ৰতিৰোধৰ চেষ্টা চলাইছে মাইজানবাসী ৰাইজেও । মাইজান আৰু গ্ৰীণউদ বাগিচা বন্ধ কৰি শ্ৰমিকে শ্ৰমদান কৰি ব্যস্ত হৈ পৰিছে মথাউৰি নিৰ্মাণত (Construction of embankment by tea workers) ।

উল্লেখ্য যে প্ৰতিটো বৰ্ষতে ডিব্ৰুগড় ৰহমৰীয়াৰ পৰা মাইজান অঞ্চললৈ মহাবাহু ব্ৰহ্মপুত্ৰ খহনীয়া হৈ আহিছে যদিও চলিত বৰ্ষত সৃষ্টি হৈছে ভয়াৱহ পৰিস্থিতিৰ(Massive erosion in Maijan Dibrugarh) । মাইজান মথাউৰিৰ এটা অংশ মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ পাছতহে জিলা প্ৰশাসন তথা জলসম্পদ বিভাগে গুৰুত্ব দিয়াৰো অভিযোগ উত্থাপন কৰিছিল খহনীয়াগ্ৰস্ত ৰাইজে । কিন্তু, এনে পৰিস্থিতিত মুখ্যমন্ত্ৰীৰ উপস্থিতিয়ে খহনীয়াগ্ৰস্ত ৰাইজক আশ্বস্ত কৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক: Erosion in Dibrugarh : মাইজানৰ খহনীয়া অঞ্চল পৰিদৰ্শনৰ্শ লুৰীণজ্যোতি গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.