মৰাণ, 4 ফেব্ৰুৱাৰী : মাধৱদেৱ বঁটা প্ৰাপকৰ লগতে অসম সত্ৰ মহাসভাৰ সভাপতি তথা চাবুৱাৰ শ্ৰীশ্ৰী মায়ামৰা দিনজয় সত্ৰৰ সত্ৰাধিকাৰ প্ৰয়াত শ্ৰীশ্ৰী যোগদানন্দ চন্দ্ৰ গোস্বামীৰ বাসগৃহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি উপস্থিত হৈ পৰিয়ালৰ খবৰ লোৱাৰ লগতে নামঘৰত সেৱা লয় । উজনি অসমৰ ঐতিহাসিক চাবুৱাৰ দিনজয় সত্ৰ সত্ৰাধিকাৰ প্ৰয়াত যোগদানন্দৰ পৰিয়ালবৰ্গক সমবেদনা জনায় মুখ্যমন্ত্ৰী গৰাকীয়ে (CM Himanta in Chabua Dinjoy Satra) ৷
তেওঁ কয়, '' সত্ৰাধিকাৰ প্ৰয়াত শ্ৰীশ্ৰী যোগদানন্দ চন্দ্ৰ গোস্বামীৰ বিয়োগে ৰাজ্যখনতে শোকৰ ছাঁ পেলাই গৈছে (Death of Satradhikar Jogananda Goswami) । আমি আধ্যাত্মিক গুৰুক হেৰুৱালো । তেওঁৰ আদৰ্শই সমগ্ৰ অসমীয়া জাতিকে পথ দেখুৱাই যাব । '' ইয়াৰ লগতে, মুখ্যমন্ত্ৰী গৰাকীয়ে পুনৰ কয় যে অনাগত দিনত চৰকাৰে শ্ৰীশ্ৰী মায়ামৰা দিনজয় সত্ৰৰ উন্নয়নৰ বাবে বিশেষ পদক্ষেপ ল'ব ।
এই সময়চোৱাত মুখ্যমন্ত্ৰী গৰাকীক সংগ দিয়ে কৃষি মন্ত্ৰী অতুল বৰা, চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা, নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ, শদিয়াৰ বিধায়ক বলিন চেতিয়া, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে ।
উল্লেখযোগ্য যে, মাধৱদেৱ বঁটা প্ৰাপক তথা দিনজয় মায়ামৰা সত্ৰ নৱমজনা সত্ৰাধিকাৰ, শিক্ষক, সমাজসেৱক শ্ৰীশ্ৰী যোগদানন্দ চন্দ্ৰ গোস্বামীৰ যোৱা ১৬ জানুৱাৰীত দিনৰ ১২-৩০ বজাত নিজা বাসগৃহত বাৰ্ধক্যজনিত কাৰণত ৯৬ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে । এই আধ্যাত্মিক গুৰুৱে ১৯৯২ চনত ঐতিহ্যমণ্ডিত দিনজয় মায়ামৰা সত্ৰ সত্ৰাধিকাৰ পদত অধিষ্ঠিত হৈ মৃত্যুসময়ৰ লৈকে সত্ৰাধিকাৰ দায়িত্বত আছিল ।
প্ৰয়াত গোস্বামী কেৱল সত্ৰ পৰিচালনাতে সীমাবদ্ধ নাথাকি জীৱনকালত সমাজৰ হিতৰ বাবে জীৱন উছৰ্গা কৰিছিল। দুবাৰকৈ অসম সত্ৰ মহাসভাৰ সভাপতি পদতো অধিষ্ঠিত হৈছিল। ২০০৩ চনত সদৌ অসম শ্ৰীশ্ৰী গোপালদেৱ আতা সমাজৰ সভাপতি নিৰ্বাচিত হৈছিল । আনকি বিশ্ব হিন্দু পৰিষদৰ প্ৰান্তীয় উত্তৰ পূৰ্বাঞ্চলৰ মাৰ্গ দৰ্শক মণ্ডলৰ অধ্যক্ষ হিচাপে অধিষ্ঠিত হৈছিল ।
২০১১ চনত গোস্বামীয়ে মায়ামৰা সত্ৰৰ বৈষ্ণৱ ধৰ্মৰ এটা বৃহৎ সাংস্কৃতিক দল লৈ উৰিষ্যা,পুৰী,মথুৰা,বৃন্দাবন আদি ভাৰতৰ পবিত্ৰ তীৰ্থস্থান সমূহ পৰিদৰ্শন কৰাৰ লগতে উক্ত স্থান সমূহত ভাগৱত পাঠ আৰু গায়ন-বায়ন প্ৰদৰ্শন কৰিছিল । এই গৰাকীৰ মহান সাংস্কৃতিক সাধক সমাজ সংস্কাৰক শ্ৰীশ্ৰী যোগদানন্দ চন্দ্ৰ গোস্বামীক অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে ২০১৬ চনত শ্ৰীশ্ৰী মাধৱদেৱৰ বঁটাৰে সন্মানিত কৰিছিল ।
লগতে পঢ়ক : মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ অধীনত হোজাইত চেক বিতৰণ