ETV Bharat / state

অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালক ৰৱট প্ৰদান মুখ্যমন্ত্ৰী সোণোৱালৰ

author img

By

Published : Jan 16, 2021, 7:26 PM IST

Updated : Jan 16, 2021, 8:32 PM IST

অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালক দুটাকৈ ৰৱট প্ৰদান মুখ্যমন্ত্ৰীৰ ৷ ক’ভিড-19 পৰিকাঠামো আৰু সৰঞ্জামৰ অংশ হিচাপে আগবঢ়োৱা হৈচে ৰৱট দুটা ৷

AS_DIB_cm-attended-a-equipment-handing-over-ceremony-of-rotary-club-at-amch_img_AS10043
অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালক ৰৱট প্ৰদান মুখ্যমন্ত্ৰীৰ

ডিব্ৰুগড়,16 জানুৱাৰী: শনিবাৰে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল কৰ্তৃপক্ষক দুটা ৰৱট প্ৰদান কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ খাদ্য আৰু ঔষধ যোগান ধৰাৰ বাবে ব্যৱহাৰ কৰা হ’ব এই ৰৱট দুটা ৷ জন বেৰী হোৱাইট প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিক ৰৱট দুটা প্ৰদান কৰে ৷

অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালক ৰৱট প্ৰদান মুখ্যমন্ত্ৰী সোণোৱালৰ

ক’ভিড-19 পৰিকাঠামো আৰু সৰঞ্জামৰ অংশ হিচাপে আগবঢ়োৱা এই ৰৱট দুটা ৰটাৰী ইন্টাৰনেশ্যনেলৰ অধীনত ৰটাৰী ফাউণ্ডেশ্যনৰ উদ্যোগত ডিব্ৰুগড় ৰটাৰী ক্লাৱে অনুদান হিচাপে আগবঢ়াইছে ৷ ইয়াৰ উপৰিও ভেন্টিলেটৰ, আইচিএউ বিচনা, চিৰিঞ্জ, মনিটৰ, এয়াৰ পিউৰিয়াৰ আদি সামগ্ৰীয়ো প্ৰদান কৰা হয় ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ক ৷

AS_DIB_cm-attended-a-equipment-handing-over-ceremony-of-rotary-club-at-amch_img_AS10043
অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালক ৰৱট প্ৰদান মুখ্যমন্ত্ৰী সোণোৱালৰ

সৰ্বানন্দ সোণোৱালে ভাষণ প্ৰসংগত কয় যে, ‘‘ক’ভিডৰ বিৰুদ্ধে সন্মুখৰ পৰা যুঁজ দিয়া কৰ্মী আৰু স্বাস্থ্যকৰ্মী সকলক অতিমাৰীৰ সময়ত আগবঢ়োৱা বহুমূলীয়া সেৱাৰ বাবে মই ধন্যবাদ জনাইছোঁ’’ ৷ ইয়াৰ লগতে এই সময়চোৱাত বিভিন্ন ধৰণে সহায় আৰু সেৱা আগবঢ়োৱা সংস্থা আৰু বিভাগ সমূহকো ধন্যবাদ জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

মুখ্যমন্ত্ৰী সোণোৱালে প্ৰধানমন্ত্ৰী মোডীৰ ‘আত্ম নিৰ্ভৰ ভাৰত অভিযান’ৰ কথা উল্লেখ কৰি কয় যে, বিজ্ঞান-প্ৰযুক্তিৰ এই ধৰণৰ উদ্ভাৱনে ক’ভিডৰ বিৰুদ্ধে যুঁজ দিয়াত গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়াইছে ৷ অসম চিকিৎসা মহাবিদ্যালয়ৰ বাবে এই ৰৱট দুটাৰ যথেষ্ট ভূমিকা আছে বুলিও উল্লেখ কৰে সোণোৱালে ৷

লগতে পঢ়ক-প্ৰতিবাদকাৰী কংগ্ৰেছীক আৰক্ষীয়ে গুলিচালনা কৰাৰ অভিযোগ প্ৰদেশ কংগ্ৰেছৰ

Last Updated : Jan 16, 2021, 8:32 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.