ETV Bharat / state

মৃৎ শিল্পীসকলৰ মাজত নাই পূৰ্বৰ দৰে ব্যস্ততা - উপাৰ্জনৰ পথ বন্ধ হৈ পৰিছে মৃৎ শিল্পীসকলৰ

কৰ'ণাৰ বাবে উপাৰ্জনৰ পথ বন্ধ হৈছে মৃৎ শিল্পীসকলৰ । যোৱা দুটা বছৰত পূৰ্বৰ দৰে জাক-জমকতাৰে ৰাজ্যত অনুষ্ঠিত হোৱা নাই পূজা । এইবাৰ সান্ধ্য আইন কিছু শিথিল কৰিছে যদিও প্ৰতিমা নিৰ্মাণত পূৰ্বৰ দৰে ব্যস্ত হ'ব পৰা নাই মৃৎ শিল্পীসকল ।

Moran
মৃৎ শিল্পীসকলৰ মাজত নাই পূৰ্বৰ দৰে ব্যস্ততা
author img

By

Published : Sep 7, 2021, 6:37 PM IST

মৰাণ,৭ ছেপ্তেম্বৰ : ক'ভিড পৰিস্থিতিৰ (Covid situation) বাবে যোৱা দুটা বছৰ ধৰি ৰাজ্যত ধৰ্মীয় কাৰ্যসূচী,ৰাজহুৱা উৎসৱ আদি আয়োজন হোৱা নাই । চৰকাৰী নিৰ্দেশনাৰ বাবে হিন্দু ধৰ্মৰ অন্যতম ধৰ্মীয় উৎসৱ দুৰ্গা পূজাকে ধৰি বিভিন্ন ধৰণৰ মূৰ্তি পূজাও হোৱা নাই । ফলত উপাৰ্জনৰ পথ বন্ধ হৈ পৰিছে মৃৎ শিল্পীসকলৰ (Clay artist) ।

শেহতীয়াকৈ সান্ধ্য আইনত কিছু শিথিলতা আনিছে চৰকাৰে । যাৰ বাবে অহা দিনবোৰত পূজা আদি অনুষ্ঠিত হ'ব বুলি আশা কৰা হৈছে । তথাপিও পূৰ্বৰ দৰে ব্যস্ততা নাই মৃৎ শিল্পীসকলৰ । গণেশ পূজা আৰু বিশ্বকৰ্মা পূজা সমাগত যদিও কাৰখানাসমূহত নাই আগৰ দৰে ব্যস্ততা ।

ডিব্ৰুগড় জিলাৰ মৃৎ শিল্পীসকলৰ মাজতো কোনো উৎসাহ বা ব্যস্ততা নাই । কিয়নো কৰ'ণাৰ (Corona) ভয়ত পূজা আদি অনুষ্ঠিত হোৱাকলৈ এতিয়াও নিশ্চিত হ'ব পৰা নাই ৰাইজ । ইফালে দুৰ্গা পূজাৰ মূৰ্তি নিৰ্মাণৰ বাবে শিল্পীসকলক প্ৰায় ২-৩ মাহৰ সময়ৰ প্ৰয়োজন হয় ।

মৃৎ শিল্পীসকলৰ মাজত নাই পূৰ্বৰ দৰে ব্যস্ততা

কিন্তু ক'ভিড পৰিস্থিতিৰ বাবে বহি:ৰাজ্যৰ শিল্পীসকলো এইবাৰ কাৰখানালৈ আহিব পৰা নাই । সেয়ে ব্যৱসায়ীসকলো এতিয়া বিপদত পৰিছে । পূৰ্বতে ডিব্ৰগড়ত বৃহৎ আকাৰৰ দুৰ্গা মূৰ্তিৰ অৰ্ডাৰ আহিছিল ।

কিন্তু এইবাৰ সেইধৰণৰ অৰ্ডাৰো নাই । বহু স্থানত আকৌ সাধাৰণভাৱেই পূজাৰ আয়োজন কৰা হ'ব । মুঠতে মৃৎ শিল্পৰ লগত জড়িত লোকসকল ক'ভিড পৰিস্থিতিৰ বাবে যথেষ্ট পৰিমাণে জুৰুলা হৈ পৰিছে । অৱশ্যে মৃৎ শিল্পীসকলে জনোৱা মতে সান্ধ্য আইন শিথিল কৰাৰ লগে লগে তেওঁলোকে কেইটামান মূৰ্তিৰ অৰ্ডাৰ লাভ কৰিছে ।

লগতে পঢ়ক :পৰ্যটকৰ বাবে উমৰাংচুত নিৰ্মাণ কৰা হৈছে অতিথিশালা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.