ETV Bharat / state

মৰাণবাসীক ক'ভিড পৰীক্ষাৰ বাবে আহ্বান চক্ৰ বিষয়াৰ - moran covid patient death

মৰাণবাসীক ক'ভিড পৰীক্ষাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায় মৰাণৰ চক্ৰ বিষয়াই ৷ অঞ্চলটোত ক'ভিডত আক্ৰান্ত হৈ ১৯ গৰাকীৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে ।

circle-officer-of-moran-requested-to-public-for-covid-test
মৰাণবাসী ক'ভিড পৰীক্ষাৰ বাবে আহ্বান মৰাণৰ চক্ৰ বিষয়াৰ
author img

By

Published : May 27, 2021, 7:09 AM IST

মৰাণ, 27 মে’ : সমগ্ৰ ৰাজ্যতে প্ৰতিদিনে ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাইছে ৷ ইয়াৰ সমান্তৰালকৈ বৃহত্তৰ মৰাণ অঞ্চলতো ক'ভিড আক্ৰান্তৰ সংখ্যা প্ৰায় দুই সহস্ৰাধিকৰ ঘৰ স্পৰ্শ কৰাৰ দিশে । আনহাতে, অঞ্চলটোত ক'ভিডত আক্ৰান্ত হৈ ১৯ গৰাকীৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে ।

মৰাণৰ ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মৰাণ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া পাপৰি বৰগোঁহায়ে মৰাণৰ সকলো ৰাইজকে ক'ভিড পৰীক্ষা কৰিবলৈ আহ্বান জনায় । ইয়াৰ লগতে বিষয়া গৰাকীয়ে ক’ভিড পৰীক্ষা কৰিবলৈ কোনেও ভয় কৰিব নালাগে বুলি আশ্বাস দিয়াৰ লগতে সকলোৱে সময়ত পৰীক্ষা কৰিলে স্বাস্থ্য বিভাগ আৰু প্ৰশাসনে সহায় কৰিব বুলি উল্লেখ কৰে ৷

একেদৰে, কোনো লোক ক’ভিডত আক্ৰান্ত হ’লে প্ৰশাসনে ঔষধৰ পৰা আৰম্ভ কৰি ক'ভিড চিকিৎসা কেন্দ্ৰলৈ নিয়ালৈ সকলোতে সহায় কৰিব বুলি কোৱাৰ লগতে তেতিয়াহে মৰাণত ক’ভিড নিয়ন্ত্ৰণ কৰিব পাৰিব বুলি কয় বিষয়াগৰাকীয়ে ৷
লগতে পঢ়ক : 10 খনকৈ যাত্ৰীবাহী ৰে’ল বাতিলৰ সিদ্ধান্ত উত্তৰ পূৱ-ৰে’লৱেৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.