ETV Bharat / state

মাঘ বিহুৰ দিনাই ক’লা পতাকাৰে স্বাগতম মুখ্যমন্ত্ৰীক - মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

নিজ গৃহ জিলাতেই ক'লা পতাকাৰ সন্মূখীন হ’ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ ক'লা পতাকা দেখাই তীব্ৰ প্ৰতিবাদ ডিব্ৰুগড় জিলা আছুৰ। আনহাতে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বৃহৎ পুত্তলিকা দাহ কাৰ্যসূচী ৷

Chief Minister facing black flag
মাঘ বিহুৰ দিনাই ক’লা পতাকাৰ সন্মূখিন মুখ্যমন্ত্ৰী
author img

By

Published : Jan 15, 2020, 4:23 PM IST

ডিব্ৰুগড়, 15 জানুৱাৰীঃ মাঘ বিহুৰ দিনাই নিজ গৃহ জিলাতেই ক'লা পতাকাৰ সন্মূখীন হ’ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ ৰাজ্যত সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে ক্ষোভৰ অগনি জ্বলি থকাৰ মাজতে নিজ গৃহ জিলাত উপস্থিত হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হয়। ক'লা পতাকা দেখাই তীব্ৰ প্ৰতিবাদ ডিব্ৰুগড় জিলা আছুৰ। বিমান বন্দৰৰ পৰা ডিব্ৰুগড়ত অৱতৰণ কৰা লগে লগে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে প্ৰৱল প্ৰতিবাদ সাব্যস্ত কৰি আছুৱে প্ৰদৰ্শন কৰে ক'লা পতাকা । মোহনবাৰীৰ বিমান বন্দৰৰ পৰা মুলুক গাঁও অভিমুখে ৰাওনা হোৱা বাটতেই এই প্ৰতিবাদৰ সন্মূখীন হয় মুখ্যমন্ত্ৰীগৰাকী ৷

মাঘ বিহুৰ দিনাই ক’লা পতাকাৰ সন্মূখিন মুখ্যমন্ত্ৰী

আনহাতে ভোগালী আনন্দৰ উৎসাহৰ মাজতেই ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বৃহৎ পুত্তলিকা দাহ কাৰ্যসূচী ৷ খেৰ আৰু বাহেৰে নিৰ্মাণ কৰা প্ৰায় ৫০ফুট উচ্চতাৰ পুত্তলিকা দাহ কৰে ডিব্ৰুগড় জিলা আছুৱে । প্ৰায় ৫০ ফুট উচ্চ পুত্তলিকাটোৰ ১৩খনকৈ মুখ বনোৱা হৈছিল । য'ত মুখ্যমন্ত্ৰী সৰ্বানন্দৰ লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় নেতা ৰামমাধৱ, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, সাংসদ তপন গগৈ, পল্লৱ লোচন দাস, বিধায়ক প্ৰশান্ত ফুকন, ঋতুপৰ্ণ বৰুৱা লগতে অগপৰ তিনি মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, ফনীভূষণ চৌধৰীৰ মুখ সন্নিৱিষ্ট কৰা হৈছে । নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আৰু বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি ৰাৱন সদৃশ বৃহৎ আকাৰৰ প্ৰতিমূৰ্তিটোত অগ্নিসংযোগ কৰে ।

ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বৃহৎ পুত্তলিকা দাহ কাৰ্যসূচী

উল্লেখ্য জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰৱল ৰূপত প্ৰতিবাদ সাব্যস্ত হৈছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলা ডিব্ৰুগড়ত । এই তীব্ৰ প্ৰতিবাদৰ বাবেই বিগত ডেৰমাহ ধৰি নিজ গৃহ ডিব্ৰুগড়ত অহাৰ পৰা বিৰত আছিল মুখ্যমন্ত্ৰী গৰাকী । কিন্তু আজি দীৰ্ঘদিনৰ অন্তত ব্যাপক নিৰাপত্তা বেষ্টনিৰ মাজত নিজ গৃহত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী । আৰু এয়া ডিব্ৰুগড়ৰ আছুৰ দ্বাৰা তেওঁক আদৰণী বুলি আছুৱে উল্লেখ কৰে ৷

আৰু পঢ়কঃধুবুৰীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অনশন

Intro:নিজ গৃহ জিলাতেই
ভোগালী বিহুৰ দিনাই ক'লা পতাকাৰ সন্মূখীন মুখ্যমন্ত্ৰীৰ।
কা বিৰোধী আন্দোলন আৰু প্ৰতিবাদৰ মাজতেই আজি নিজ গৃহ জিলাত উপস্থিত হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তীব্ৰ প্ৰতিবাদৰ সন্মূখীন হয়।মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ ডিব্ৰুগড় আগমনত ক'লা পতাকা দেখাই তীব্ৰ প্ৰতিবাদ ডিব্ৰুগড় জিলা আছুৰ।বিমান বন্দৰৰ পৰা ডিব্ৰুগড়ত অৱতৰণ কৰা লগে লগে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ বিৰুদ্ধে প্ৰৱল প্ৰতিবাদ সাব্যস্ত কৰি আছুৱে প্ৰদৰ্শন কৰে ক'লা পতাকা। মোহনবাৰীৰ বিমান বন্দৰৰ পৰা মুলুক গাঁও অভিমুখে ৰাওনা হোৱা বাটতেই এই প্ৰতিবাদৰ সন্মূখীন মাঘৰ বিহুৰ দিনটোতে।
আজি বিহুৰ দিনটোতে স্ব গৃহলৈ বুলি ডিব্ৰুগড়লৈ আহি
মোহনবাৰীৰ বিমান বন্দৰৰ পৰা মুলুক গাঁৱলৈ আগবাঢ়িছিল মুখ্যমন্ত্ৰী সহ কনভয়।প্ৰতিবাদকাৰীক ভেঁটিবলৈ আৰক্ষী উপস্থিত আছিল যদিও,আৰক্ষীৰ বেহু ফালি মুখ্যমন্ত্ৰী আৰু কনভয়ৰ সন্মূখত উদ্দাত্ত ভাৱে ক'লা পতাকা সহ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

ইফালে
ভোগালী আনন্দৰ -উৎসাহৰ মাজতেই ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বৃহৎ পুত্তলিকা দাহ কাৰ্যসূচী।খেৰ আৰু বাহেৰে নিৰ্মাণ কৰা প্ৰায় ৫০ফুট উচ্চতাৰ পুত্তলিকা দাহ কৰে ডিব্ৰুগড় জিলা আছুৱে।প্ৰায় ৫০ফুট উচ্চ পুত্তলিকাটোৰ ১৩খনকৈ মুখ বনোৱা হৈছিল।য'ত মুখ্যমন্ত্ৰী সৰ্বানন্দৰ লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহ মন্ত্ৰী অমিত শ্বাহ,বিজেপিৰ ৰাষ্ট্ৰীয় নেতা ৰামমাধৱ,মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, সাংসদ তপন গগৈ,পল্লৱ লোচন দাস,বিধায়ক প্ৰশান্ত ফুকন,ঋতুপৰ্ণ বৰুৱা, অগপৰ তিনি মন্ত্ৰী অতুল বৰা,কেশৱ মহন্ত,ফনীভূষণ চৌধৰীৰ মুখ সন্নিবিষ্ট কৰা হৈছে।নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আৰু বিভিন্ন শ্লগানেৰে পৰিবেশ উত্তাল কৰি ৰাৱন সদৃশ বৃহৎ আকাৰৰ প্ৰতিমূৰ্তি টোত অগ্নি সংযোগ কৰে।
উল্লেখ্য জাতিধ্বংসী কা আইনৰ বিৰুদ্ধে প্ৰৱল ৰূপত প্ৰতিবাদ সাব্যস্ত হৈছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ গৃহ জিলা ডিব্ৰুগড়ত।আৰু এই তীব্ৰ প্ৰতিবাদৰ বাবেই বিগত ডেৰমাহ ধৰি নিজ গৃহ ডিব্ৰুগড়ত অহাৰ পৰা বিৰত আছিল মুখ্যমন্ত্ৰী গৰাকী।কিন্তু আজি দীৰ্ঘদিনৰ অন্তত ব্যাপক নিৰাপত্তা বেষ্টনিৰ মাজত নিজ গৃহত উপস্থিত হয়।আৰু এইয়া ডিব্ৰুগড়ৰ আছুৰ দ্বাৰা তেওঁক আদৰণী বুলি আছুৱে উল্লেখ কৰে।

Body:DoConclusion:Do
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.