মৰাণ, 14 অক্টোবৰ : অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় ধৰ্মীয় সংখ্যালঘু কোষৰ প্ৰাক্তন সভাপতি, মৰাণৰ বিশিষ্ট সমাজ সেৱক বিজু খানে বুধবাৰে ৬১ বছৰ বয়সত ইহসংসাৰ ত্যাগ কৰে । উল্লেখযোগ্য যে, অসম গণ পৰিষদ দলৰ নিষ্ঠাৱান সদস্য, ধৰ্মীয় সংখ্যালঘু কোষৰ প্ৰাক্তন সভাপতি বিজু খান মৰাণৰ ক্ৰীড়া ক্ষেত্ৰখনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছিল ।
বিশিষ্ট ব্যক্তিজনৰ মৃত্যুত মৰাণ জিলা ক্ৰীড়া সন্থা, অসম গণ পৰিষদ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, মৰাণ মহকুমা সাংবাদিক মঞ্চ, মৰাণ সিং সভা গুৰুদ্বাৰ, মৰাণ টাউন ক্লাৱ, মৰাণ ব্যৱসায় সন্থাকে আদি কৰি মৰাণৰ দল-সংগঠনে শোক প্ৰকাশ কৰাৰ লগতে নিজা বাসগৃহত শেষ শ্ৰদ্ধাঞ্জলি জনায় ।
আনহাতে অগপৰ ধৰ্মীয় সংখ্যালঘু কোষৰ প্ৰাক্তন সভাপতি জনৰ মৃত্যুত ডিব্ৰুগড়ৰ কাৰ্যালয়ত অগপৰ পতাকা তিনিদিনৰ বাবে অৰ্ধনমিত কৰি ৰখাৰ কথা ঘোষণা কৰিছে জিলাৰ নেতৃত্বই । উল্লেখযোগ্য যে, মৃত্যুৰ সময়ত প্ৰয়াত বিজু খানে পত্নী, দুই পুত্ৰ, কন্যা আৰু আত্মীয় স্বজনক এৰি থৈ গৈছে ৷
লগতে পঢ়কঃ ১১১ বছৰীয়া লাহোৱাল পূজা মন্দিৰত পুৱাৰে পৰা আৰম্ভ হৈছে নৱমী পূজা