মৰাণ,৩০ আগষ্ট : বৃহত্তৰ টিংখাং অঞ্চলৰ একমাত্ৰ চৰকাৰী উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান টিংখাং মহাবিদ্যালয়ে গৌৰৱেৰে সোণালী জয়ন্তী বৰ্ষত ভৰি দিলে (Tingkhong College golden jubilee year)। ১৯৭২ চনত প্ৰতিষ্ঠা লাভ কৰা মহাবিদ্যালয়খনে ইতিমধ্যে বছৰজোৰা কাৰ্যসূচীৰে সোণালী জয়ন্তী বৰ্ষ পালন কৰিছে । অহা ১, ২ আৰু ৩ ছেপ্টেম্বৰত তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপন হ'ব টিংখাং মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান ৷ মূল অধিৱেশনৰ বাবে উদযাপন সমিতিয়ে প্ৰায় ৬০ লাখ টকাৰ বাজেট নিৰ্ধাৰণ কৰিছে ।
সোণালী জয়ন্তী সমাৰোহ উপলক্ষে মহাবিদ্যালয়খনত দেখিবলৈ পোৱা গৈছে এক উৎসৱমুখৰ পৰিৱেশ । সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ বাবে বিশেষ প্ৰস্তুতি চলোৱা হৈছে (Preparation for Golden jubilee of Tingkhong College)। অনুষ্ঠানৰ বাবে নিৰ্মাণ কৰা হৈছে বিশাল মণ্ডপ । আকৰ্ষণীয় ৰূপত নিৰ্মাণ কৰা হৈছে মূল তোৰণ ।
সজাই পৰাই তোলা হৈছে মহাবিদ্যালয় চৌহদ । মহাবিদ্যালয় চৌহদৰ পকী বেৰত প্ৰাক্তন ছাত্ৰসকলে অংকন কৰিছে অসমীয়া সমাজ জীৱনৰ লগত জড়িত বিভিন্ন চিত্ৰশিল্প । আনহাতে তিনিদিনীয়া সামৰণি অনুষ্ঠানৰ অতিথি তথা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক আপ্যায়নৰ বাবে ৫ হাজাৰ লাড়ু আৰু পিঠা প্ৰস্তুত কৰি থকা হৈছে । এই বৃহৎ পৰিমাণৰ লাড়ু-পিঠা প্ৰস্তুতৰ বাবে মহাবিদ্যালয়খনৰ ছাত্ৰী, অধ্যাপিকাসকলৰ উপৰিও টিংখাঙৰ বহু সংখ্যক পুৰুষ- মহিলা ব্যস্ত হৈ পৰিছে ।
সোণালী জয়ন্তী সমাৰোহৰ আটাইকেইটা দিনতে মহাবিদ্যালয় প্ৰতিষ্ঠা কালৰ পৰা জড়িত সকলো ব্যক্তি, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু সকলো ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে উদযাপন সমিতিয়ে । এই সন্দৰ্ভত টিংখাং মহাবিদ্যালয় কৰ্তৃপক্ষই এক সংবাদমেলযোগে সকলোকে সোণালী জয়ন্তী সমাৰোহলৈ নিমন্ত্ৰণ জনায় ।