ETV Bharat / state

এতিয়াৰে পৰা CCTVৰ নিৰীক্ষণত থাকিব নাহৰকটীয়া

নাহৰকটীয়া নগৰৰ ১৭ টাকৈ স্থানত স্থাপন কৰা হৈছে চিচিটিভি কেমেৰা (CCTV installed in Naharkatia)। সোমবাৰে স্থানীয় বিধায়ক তৰংগ গগৈয়ে মুকলি কৰে এই চিচিটিভি কেমেৰা । নগৰখনত মুঠ ৫০ টা কেমেৰা স্থাপন কৰা হ'ব ।

author img

By

Published : Aug 23, 2022, 11:06 AM IST

CCTV
এতিয়াৰে পৰা CCTVৰ নিৰীক্ষণত থাকিব নাহৰকটীয়া

মৰাণ,২৩ আগষ্ট : ৰাজ্যত অপৰাধজনিত ঘটনাসমূহ বৃদ্ধি পাইছে (Crime in Assam)। যাৰ বাবে অসম আৰক্ষীয়ে অপৰাধীসকলৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ কঠোৰ পদক্ষেপ হাতত লৈছে । বহুতো নতুন নতুন আৰু আধুনিক প্ৰযুক্তিৰো সহায় লৈছে আৰক্ষীয়ে । ইফালে বৰ্তমান সময়ত অসমৰ বহু স্থানত চিচিটিভি কেমেৰা স্থাপন কৰি বহু পৰিমাণে অপৰাধ নিৰ্মূল কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষী ।

সেই উদ্দেশ্য আগত ৰাখিয়ে ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া নগৰত স্থাপন কৰা হৈছে চিচিটিভি কেমেৰা (CCTV cameras installed in Naharkatia)। প্ৰথম পৰ্যায়ত নগৰখনৰ ১৭ টা স্থানত স্থাপন কৰা হৈছে চিচিটিভি কেমেৰা । প্ৰায় ৫ লাখ টকা ব্যয় সাপেক্ষে স্থাপন কৰা এই চিচিটিভি কেমেৰা আনুষ্ঠানিকভাৱে মুকলি কৰে নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে (MLA Taranga Gogoi inaugurates CCTV camera)। বিধায়কগৰাকীয়ে জনোৱা মতে নাহৰকটীয়াত অপৰাধজনিত ঘটনা বৃদ্ধি পোৱাৰ বাবে প্ৰশাসনে এই ব্যৱস্থা গ্ৰহণ কৰিছে (CCTV installed to control crime)। ইফালে নগৰত অহা এক মাহৰ ভিতৰত আন ৫০ টা স্থানটো চিচিটিভি কেমেৰা স্থাপন কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে ।

আনহাতে এতিয়াৰে পৰা সমগ্ৰ নগৰখন চিচিটিভি কেমেৰাৰ নিৰীক্ষণত থাকিব আৰু নাহৰকটীয়া থানাই সমগ্ৰ চিচিটিভিসমূহ নিৰীক্ষণ কৰি থাকিব । বিধায়ক তৰংগ গগৈয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি কয় যে পৌৰসভা নিৰ্বাচনত নাহৰকটীয়া নগৰত চিচিটিভিৰ ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল । আনহাতে ৰাইজক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ চৰকাৰে চেষ্টা কৰিছে । অৱশ্যে এই কেমেৰাসমূহ কিমান দিনলৈ কাৰ্যকৰী হৈ থাকিব সেয়াহে অতি গুৰুত্বপূৰ্ণ বিষয় ।

লগতে পঢ়ক:ঔষধ কিনোতে সাৱধান, ফাৰ্মাচীত বিক্ৰী ভেজাল ঔষধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.