ETV Bharat / state

বিলাসী বাহনেৰে গৰু সৰবৰাহৰ নতুন কৌশল দুষ্টচক্ৰৰ - বিলাসী বাহনেৰে গৰু সৰবৰাহৰ নতুন কৌশল দুষ্টচক্ৰৰ

সান্ধ্য আইনৰ সুযোগ লৈ এতিয়া বিলাসী বাহনত মানুহৰ বদলি অনা হৈছে গৰু । লাহোৱালত আৰক্ষীৰ তালাচীত বিলাসী বাহনৰ ভিতৰত উদ্ধাৰ চোৰাং গৰু । দুটাকৈ গৰু চোৰক গ্ৰেপ্তাৰ ।

cattle smuggling
বিলাসী বাহনেৰে গৰু সৰবৰাহৰ নতুন কৌশল দুষ্টচক্ৰৰ
author img

By

Published : Jun 22, 2021, 1:39 PM IST

মৰাণ,২২ জুন : কৰ'ণা (Corona) পৰিস্থিতিৰ বাবে ৰাজ্য অব্যাহত আছে সান্ধ্য আইন (night curfew)। কিন্তু কৰ'ণা বা সান্ধ্য আইনক কোনো কেৰেপ নকৰে একাংশ দুষ্কৃতিকাৰীয়ে । যাৰ বাবে এই জটিল পৰিস্থিতিটো ৰাজ্যত অব্যাহত আছে বিভিন্ন ধৰণৰ অসামাজিক কাৰ্যকলাপ । অৱশ্যে সেই দুষ্টচক্ৰক দমন কৰিবলৈ দিনে- নিশাই সাজু হৈ আছে অসম আৰক্ষী ।

শেহতীয়াকৈ দেখা গৈছে অসম আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছৰ(Drugs) বিৰুদ্ধে যথেষ্ট পৰিমাণে সষ্টম হৈ পৰিছে । সমান্তৰালকৈ আন আন অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধেও পদক্ষেপ গ্ৰহণ কৰিছে আৰক্ষীয়ে । ৰাজ্যখনৰ গৰু চুৰি চক্ৰৰ বিৰুদ্ধেও আৰক্ষীয়ে বিভিন্ন স্থানত চলাইছে অভিযান ।

cattle
বিলাসী বাহনেৰে গৰু সৰবৰাহৰ নতুন কৌশল দুষ্টচক্ৰৰ

সান্ধ্য আইনৰ সুযোগ লৈ বহু দিনৰ পৰাই ডিব্ৰুগড়ৰ লাহোৱাল অঞ্চলত গৰু চোৰে সন্ত্ৰাস চলাই আহিছে আৰু আৰক্ষীৰ চকুত ধুলি দি চলাই গৈছে ৰমৰমীয়া ব্যৱসায় । এই গৰু চুৰি ঘটনাই লাহোৱাল অঞ্চলটোত তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি কৰি আহিছে । যাৰ বাবে গৰু চুৰি চক্ৰৰ বিৰুদ্ধে সষ্টম হৈছে লাহোৱাল আৰক্ষী । সোমবাৰে নিশা গোপন সূত্ৰৰ পম খেদি লাহোৱাল আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া অনুপম গুৱালাৰ নেতৃত্বত এটা আৰক্ষীৰ দলে চুৰি হোৱা গৰু ভৰ্তি বাহন জব্দ কৰিবলৈ সক্ষম হয় ।

বাহনখন হৈছে AR-০৯-৯২২৬ নম্বৰৰ এখন টাটা ইন্দিকা । লক্ষণীয়ভাৱে চোৰৰ দলটোৱে বিশেষ কৌশল অৱলম্বন কৰি বাহনখনৰ ভিতৰত আনিছিল চোৰাং গৰুটো । ইতিমধ্যে এই গৰুচুৰি চক্ৰত জড়িত দুটাকৈ চোৰক আটক কৰিছে আৰক্ষীয়ে ।

জানিব পৰা মতে গাড়ীত গৰু চুৰ কৰি অনা চোৰ দুটা ক্ৰমে চাবুৱা মদাৰখাট গাঁওৰ ধ্ৰুৱজ্যোতি গগৈ আৰু নাহৰকটীয়াৰ সুৰুজ গগৈ । এই দুয়োগৰাকীক লাহোৱাল আৰক্ষীয়ে কৰায়ত্ত্ব কৰি ১৭৮/২০২১/ ৩৭৯/ আই পি চি(IPC) ধাৰাত গোচৰ ৰুজু কৰি ইতিমধ্যে জেল হাজোতলৈ প্ৰেৰণ কৰিছে । সান্ধ্য আইনৰ মাজত এনেদৰে বিলাসী বাহনৰ ভিতৰত এনেদৰে গৰু চুৰি কৰি লৈ যোৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ জিলাখনত ।

লগতে পঢ়ক:বিলাসীপাৰাত জব্দ 4 হাজাৰ লিটাৰ নীলা কেৰাচিন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.