ডিব্ৰুগড়,21 অক্টোবৰ: বানৰ ভয়াৱহতা আৰু কৰ’ণা ভাইৰাছৰ বিভীষিকাৰ মাজতে ডিব্ৰুগড়ত শতাধিক পশুধনৰ মৃত্যু ৷ এক অচিন ৰোগত ইতিমধ্যে ডিব্ৰুগড়ৰ মধুপুৰ, বগীবিল আদি অঞ্চলত প্ৰায় ছয় শতাধিক ম’হৰ মৃত্যু হোৱা ঘটনাই পশুপালকসকলৰ অৱস্থা শোচনীয় কৰি তুলিছে ৷ পশুধনৰ ওপৰতে নিৰ্ভৰ কৰি জীৱন সংগ্ৰাম চলাই যোৱা পৰিয়ালসমূহে এতিয়া আৰ্থিক লোকচানৰ সন্মুখীন হোৱা দেখা গৈছে ৷ ফলত চাৰিওফালৰ পৰা উপায়ন্তৰ হৈ পৰিছে পশুপালকসকল ৷
আনহাতে, পশুপালকসকলে এতিয়ালৈ চৰকাৰ তথা সংশ্লিষ্ট কৰ্তৃপক্ষক এই বিষয়ে অৱগত কৰাৰ পিছতো কোনো সঁহাৰি লাভ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ বিষয়টো সম্পৰ্কে পশু চিকিৎসা বিভাগকো অৱগত কৰিছে পশুপালকসকলে ৷ স্থানীয় বিধায়ক চক্ৰ গগৈ, ডিব্ৰুগড় জিলা প্ৰশাসন আৰু ৰাজ্য চৰকাৰে গৰু-ম’হ পালনেৰে পৰিয়াল পোহপাল দিয়া এইসকল পশুপালকৰ বাবে কোনো ধৰণৰ কাৰ্য ব্যৱস্থা গ্ৰহণ নকৰাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ উল্লেখ্য যে, ডিব্ৰুগড়ৰ লগতে সমগ্ৰ উজনি অসমতে বগীবিল, মধুপুৰ আদি অঞ্চলৰ ম’হৰ গাখীৰৰ এক সুনাম আছে ৷ শেহতীয়াকৈ প্ৰায় চাৰিমাহ ধৰি গাখীৰৰ কোনো উৎপাদন হোৱা নাই অঞ্চলটোত ৷ এটাৰ পিছত আনটো ম’হৰ মৃত্যুৰ পিছতে ক্ৰমাৎ উকা হৈ পৰিছে ম’হৰ খুঁটিসমূহ ৷