ETV Bharat / state

ডিব্ৰুগড়ত বৃহৎ পৰিমাণৰ গাঞ্জাসহ গ্ৰেপ্তাৰ এজন - ড্ৰাগছৰ বিৰুদ্ধে অভিযান

ডিব্ৰুগড়ৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক শ্বেতাং মিশ্ৰাই দায়িত্বভাৰ গ্ৰহণ কৰিয়েই জিলাখনত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে ।

Cannabis seize in Dibrugarh
ডিব্ৰুগড়ত বৃহৎ পৰিমাণৰ গাঞ্জাসহ গ্ৰেপ্তাৰ এজন
author img

By

Published : May 20, 2021, 8:56 PM IST

ডিব্ৰুগড়, 20 মে’ : ডিব্ৰুগড়ৰ আৰক্ষীয়ে বৃহস্পতিবাৰে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই পাঁচআলিৰ পৰা ২৭ কেজি গাঞ্জা জব্দ কৰে ৷ আৰক্ষীৰ দলে অভিযানৰ সময়ত শিৱ প্ৰসাদ শ্বাহ নামৰ এজন গাঞ্জা ব্যৱসায়ীকো গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষীয়ে জব্দ কৰা গাঞ্জাখিনিৰ মূল্য প্ৰায় 4 লাখ টকা বুলি জানিব পৰা হৈছে ।

ডিব্ৰুগড়ত বৃহৎ পৰিমাণৰ গাঞ্জাসহ গ্ৰেপ্তাৰ এজন

ডিব্ৰুগড়ৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক শ্বেতাং মিশ্ৰাই দায়িত্বভাৰ গ্ৰহণ কৰিয়েই জিলাখনত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে । উল্লেখ্য যে, ডিব্ৰুগড়ৰ মাজমজিয়াৰ এই গাঞ্জা ঘাটি বহু পুৰণি বুলি অভিযোগ আছে । ডিব্ৰুগড়ৰ সদৰ আৰু আমোলাপট্টি আৰক্ষী লগতে ডিব্ৰুগড় আৰক্ষীৰ তহলদাৰী দলে দিনটোত কেইবাবাৰো পাঁচ আলিৰ এই গাঞ্জা ঘাটিৰ সন্মুখেৰে তহল দিয়ে । কিন্তু আচৰিত ধৰণে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণৰ পৰিবৰ্তে নিমাত থকাহে দেখা গৈছিল ।

লগতে পঢ়ক : ভালখবৰ : অসমত ক’ভিড আক্ৰান্তৰ হাৰ ৬.০২ শতাংশলৈ হ্ৰাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.