মৰাণ, 10 নৱেম্বৰ : মৰাণৰ পূৰ্ণিমা হোটেলত অসম চৰকাৰৰ বংগভাষী উন্নয়ন পৰিষদৰ দ্বাৰা আয়োজিত সাংস্কৃতিক অনুষ্ঠানত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় । বংগভাষী উন্নয়ন পৰিষদে আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানলৈ মৰাণৰ কোনো দল সংগঠনক আমন্ত্ৰণ নকৰাত মৰাণৰ নিবাসী তথা বংগভাষী উন্নয়ন পৰিষদৰ সদস্য প্ৰদীপ সেনৰ সৈতে মত বিৰোধ হয় স্থানীয় দল সংগঠনৰ ৷
অভিযোগ অনুসৰি,বংগভাষী উন্নয়ন পৰিষদৰ সদস্য প্ৰদীপ সেনে মৰাণত আয়োজন কৰা উন্নয়ন পৰিষদৰ অনুষ্ঠানত মৰাণৰ কোনো দল সংগঠন তথা ৰাইজক আমন্ত্ৰণ নকৰাৰ অভিযোগ ৷ আনকি,বিভিন্ন দল সংগঠনে উন্নয়ন পৰিষদে কি অনুষ্ঠানৰ আয়োজন কৰিছে সেই বিষয়ে জানিব বিচাৰিছিল যদিও সেই সময়ত দল সংগঠনৰ সৈতে বংগ পৰিষদৰ উন্নয়ন পৰিষদৰ সদস্য প্ৰদীপ সেনৰ মতবিৰোধ হোৱা পৰিলক্ষিত হৈছে ৷ যাৰবাবে স্থানীয় দল সংগঠনে উক্ত স্থানত উপস্থিত হৈ অনুষ্ঠান বাতিল কৰাবলৈ বাধ্য হয় ৷
পৰৱৰ্তী সময়ত উন্নয়ন পৰিষদৰ প্ৰতিনিধি গৰাকীয়ে মৰাণৰ দল সংগঠনৰ আগত নিজৰ ভুলৰ বাবে ক্ষমা বিচাৰি ভৱিষ্যতে এনেকুৱা কাম নকৰে বুলি উল্লেখ কৰে ৷
লগতে পঢ়ক : আলু পিয়াঁজৰ ব্যৱসায়ীক Z+ সুৰক্ষা প্ৰদানৰ দাবী !