ETV Bharat / state

অতীত হ’ব নেকি নামৰূপ সাৰ কাৰখানা !

author img

By

Published : Jan 23, 2022, 10:04 PM IST

ৰাইজৰ আশা জলাঞ্জলি দি নামৰূপ সাৰ কাৰখানাৰ দ্বিতীয়টো গোট বন্ধ কৰাত উঠি পৰি লাগিছে উদ্যোগটোৰ বৰ্তমানৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালকজন ৷ দ্বিতীয় আৰু তৃতীয় গোট সক্ৰিয় হৈ থাকিলে সাৰ কাৰখানাৰ দৈনিক উৎপাদন ১১০০ টন সম্ভৱ হয় কিন্তু এক বিশেষ সূত্ৰৰ তথ্য অনুসৰি সাৰ কাৰখানাৰ এই উৎপাদন দৈনিক ৭০০ টনলৈ হ্ৰাস কৰিবলৈ অভিসন্ধি কৰিছে ৷

Brahmaputra Valley Fertilizer Corporation Limited in Namrup

মৰাণ, 23 ডিচেম্বৰ : ৰুগ্ন নামৰূপ সাৰ কাৰখানা পুনৰ উদ্ধাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে ১০০ কোটি টকা অনুমোদন জনাইছিল ৷ নামৰূপবাসী ৰাইজে আশা কৰিছিল দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা সাৰ কাৰখানাৰ দ্বিতীয় গোট এই সাহাৰ্যৰ দ্বাৰা উৎপাদনক্ষম হ’ব আৰু জোৰা-টাপলি মাৰি চলি থকা তৃতীয় গোটৰ মেৰামতি কৰি নামৰূপ চতুৰ্থ গোট স্থাপন নোহোৱা পৰ্যন্ত উত্তৰ-পূৱৰ কৃষকৰ সাৰৰ চাহিদা পূৰ হ’ব তথা সাৰ কাৰখানাৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত পাঁচ সহস্ৰাধিক লোকৰ আশা সজীৱ হ’ব (Brahmaputra Valley Fertilizer Corporation Limited in Namrup)৷

অতীত হ’ব নেকি নামৰূপ সাৰ কাৰখানা !

কিন্তু বৃহত্তৰ ৰাইজৰ আশা জলাঞ্জলি দি নামৰূপ সাৰ কাৰখানাৰ দ্বিতীয়টো গোট বন্ধ কৰাত উঠি পৰি লাগিছে উদ্যোগটোৰ বৰ্তমানৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালকজন ৷ উল্লেখ্য যে, সত্তৰৰ দশকত নিৰ্মাণ হোৱা দ্বিতীয়টো গোট ২০০৫ চনত ৰিভেম্পিং কৰি অত্যাধুনিক ডি.চি.এচ প্ৰযুক্তি সংলগ্ন কৰা হৈছিল ৷ ২০২০ চনত গোটটোত দুৰ্ঘটনা সংঘটিত (Accident in Namrup Fertilizer Industry) হোৱাৰ মূল কাৰণ আছিল ৰিভেম্পিঙৰ সময়ত সলনি নকৰা কিছুমান পুৰণি পাইপ ৷

এই পুৰণি পাইপ আৰু কিছু যন্ত্ৰাংশ মেৰামতি কৰি গোটটো সজীৱ কৰিবলৈ ২৫ কোটি টকাৰ প্ৰয়োজন । কেন্দ্ৰীয় চৰকাৰৰ পৰা সাহায্য পোৱাৰ আশাত দুৰ্ঘটনা সংঘটিত হোৱাৰ পৰৱৰ্তী পৰ্যায়ত মেৰামতিৰ বাবে ৰৈ থকাৰ পাছত বৰ্তমান সময়ত চৰকাৰে প্ৰদান কৰা সাহায্য দ্বিতীয় গোটত ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে গোটতো বন্ধ কৰাত উঠিপৰি লগা কাৰ্যই ৰাইজক হতাশ কৰিছে ৷

প্ৰণিধানযোগ্য যে, বৰ্তমান দ্বিতীয় গোটৰ পৰা কাৰ্বন-ডাই-অক্সাইড তৃতীয় গোটলৈ সৰবৰাহ কৰি ৰাসায়নিক সাৰ উৎপাদনৰ ক্ষেত্ৰত সকাহ প্ৰদান কৰি আহিছে ৷ দ্বিতীয় আৰু তৃতীয় গোট সক্ৰিয় হৈ থাকিলে সাৰ-কাৰখানাৰ দৈনিক উৎপাদন ১১০০ টন সম্ভৱ হয় কিন্তু এক বিশেষ সূত্ৰৰ তথ্য অনুসৰি সাৰ কাৰখানাৰ এই উৎপাদন দৈনিক ৭০০ টনলৈ হ্ৰাস কৰিবলৈ অভিসন্ধি কৰিছে ৷

নামৰূপ ফাৰ্টিলাইজাৰ ৱকাৰ্চ ইউনিয়নে দ্বিতীয় গোট সন্দৰ্ভত কৰা এক আবেদনত প্ৰত্যুত্তৰত সাৰ কাৰখানাৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালকজনে কয় যে, বিকল নামৰূপ দ্বিতীয় গোটটো নামৰূপ তৃতীয় গোটৰ বাবে হানিকাৰক । যিহেতু নামৰূপ দ্বিতীয় গোটটোৰ ৫০% যন্ত্ৰাংশ ২০১৬ চনৰে পৰা বিকল হৈ আছে আৰু অৰ্থনৈতিকভাৱে ক্ষতিগ্ৰস্ত হৈ আহিছে । গতিকে বৰ্তমান দুয়োটা গোট একেলগ কৰি একমাত্ৰ নামৰূপ তৃতীয় গোটেৰে উৎপাদন কৰা হৈছে ৷

ৱকাৰ্চ ইউনিয়নৰ সাধাৰণ সম্পাদক মুগ্ধ মহন্তই কয় যে, সাৰ কাৰখানাৰ বাবে অইল ইণ্ডিয়া লিমিটেডে বৰ্তমান ১.৭২ এম এম কিউব প্ৰাকৃতিক গেছ প্ৰদান কৰি আহিছে ৷ কিন্তু দ্বিতীয় গোট এতিয়াই বন্ধ কৰি দিলে অইলে প্ৰাকৃতিক গেছৰ পৰিমাণ কমাই দিব আৰু এই কম পৰিমানৰ গেছৰ বাবে প্ৰস্তাৱিত নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোটৰ ক্ষেত্ৰতো কঠিন সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা অধিক ৷

ইফালে বৰ্তমানৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক গৰাকীয়ে সাৰ কাৰখানাৰ গোট দুটা পুনৰুদ্ধাৰ কৰাৰ বিপৰীতে চিংগুল চুপাৰ ফচফেট (ssp)প্লাট স্থাপন কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ কিন্তু উৎকৃষ্ট ইউৰিয়া উৎপাদনৰ বাবে সমগ্ৰ দেশতেই সুনাম অৰ্জন কৰা নামৰূপ সাৰ কাৰখানা জীয়াই থাকিবলৈ এয়া এক বৃথা চেষ্টাহে ৷

শ্ৰমিক নেতা মহন্তই এচ.এচ.পি প্লান্টক সাৰ কাৰখানাৰ তুলনাত এটা বিস্কুট ভাটি বুলি অভিহিত কৰি উক্ত সিদ্ধান্তৰ বিৰোধিতা কৰি সাৰ কাৰখানাৰ গোট দুটাৰ বাবে অধিক গুৰুত্ব প্ৰদান কৰিবলৈ দাবী জনায় ৷ নামৰূপ আছুৰ উপদেষ্টা মানসজ্যোতি চাংমায়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসমৰ বায়ু-পানী-মাটি সেৱন কৰি অসমীয়াৰ স্বাৰ্থৰ বিৰুদ্ধে কাম কৰা অধ্যক্ষ আৰু পৰিচালন সঞ্চালকক সকিয়াই দিয়ে ৷

তেওঁ কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা ১০০ কোটি টকা সঠিকভাৱে কেৱল সাৰ কাৰখানাৰ দ্বিতীয়- তৃতীয় গোটৰ বাবে সদ ব্যৱহাৰ কৰিবলৈ দাবী জনাই আৰু সাৰকাৰখানাৰ চতুৰ্থ গোট স্থাপন নোহোৱা পৰ্যন্ত দ্বিতীয় আৰু তৃতীয় গোট কোনোপধ্যেই বন্ধ কৰিবলৈ দিয়া নহ’ব বুলি কয় ৷ ইয়াৰ উপৰিও ছাত্ৰ নেতাজনে সাৰ কাৰখানাৰ সাৰ চুৰি কেলেংকাৰীত জড়িত হোৱাৰ অভিযোগ থকা মহাপ্ৰৱন্ধক ৱাই.কে.গোৱেলক আজি পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ নকৰা সন্দৰ্ভত সোচ্চাৰ হয় ৷

লগতে পঢ়ক : সত্য প্ৰমাণিত হ'ল ইটিভিৰ বাতৰি: বিধানসভাত মিত্ৰ হ'ল বিজেপি-বিপিএফ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.