ডিব্ৰুগড়, 11 জুন : সংৰক্ষণৰ অভাৱত ঐতিহাসিক আহোম যুগৰ স্বাক্ষৰ বহনকাৰী বহু সম্পদ কালৰ বুকুত হেৰাই গৈছে । যাৰ ফলত এতিয়াৰ প্ৰজন্মৰ বহু সংখ্যক যেন বিচ্ছিন্ন হৈ পৰিছে অসমৰ ঐতিহাসিক পটভূমিৰ যোগসূত্ৰৰ পৰা । ছশ বছৰীয়া আহোম ৰাজত্ব কালৰ কিছু সম্পদ সংৰক্ষণ কৰা হৈছে যদিও সেই সময়ৰে আন বহু সম্পদ আছে যাৰ কেৱল লিখিত ৰূপতহে চিনাকী ৰৈছে । নতুনত্ব আৰু আধুনিকতাৰ ধামখুমীয়াত জাতিটোৰ গৰিমা সমৃদ্ধ হৈ থকা এই সম্পদৰ সৈতে কিন্তু চিনাকী হেৰাইছে এতিয়াৰ প্ৰজন্মৰ বহুজনেৰে। অৱশ্যে ইয়াৰ মাজতে কিছু পৰিয়ালে এতিয়াও নিজ গৃহত আটোমটোকাৰিকৈ ৰাখি থৈছে এনে সম্পদ ।
এনে এপদ সামগ্ৰী হৈছে 'বৰপেৰা'। আহোম যুগৰে এইবিধ সম্পদ এতিয়া বহু জনৰ বাবে হয়তো অচিনাকি । তাৰ মাজতে ইতিহাস থকা কিছু অসমীয়া পৰিয়ালৰ গৃহত হয়তো এইবিধ তাহানিৰ সম্পদ পোৱা যাব পাৰে । ডিব্ৰুগড়তো এটি ঐতিহাসিক পৰিয়ালৰ গৃহত সযতনে ৰখা হৈছে প্ৰায় 1600-1700 শতিকাৰ এটি 'বৰপেৰা' । ডিব্ৰুগড় চহৰৰ দক্ষিণ আমোলাপট্টিৰ নিবাসী বিজয় শংকৰ দাস আৰু তেওঁৰ ভাতৃ সহ পৰিয়ালটোৰ গৃহত আছে আহোম যুগৰে এই বৰপেৰাটো । বিজয় শংকৰ দাসৰ আজু ককাকৰো পূৰ্বৰ তথা উপৰিপুৰুষৰ দিনৰে এইটো 'বৰপেৰা' ।
আনুমানিক 1600-1700 শতিকাৰ এই পেৰাটো পৰিয়ালৰ মূল্যৱান সম্পদ আৰু বাণ কাঁহী, মাইহাং, বাণ-বাটি ইত্যাদি কাঁহ-পিতলৰ সামগ্ৰী ৰখাৰ বাবে সেই সময়ত ব্যৱহাৰ কৰাৰ দৰেই বিজয় শংকৰৰ পৰিয়ালেও ব্যৱহাৰ কৰিছিল । কালৰ বুকুত বৰ পেৰাৰ অস্তিত্ব হেৰাই যাব ধৰিলেও বিজয় শংকৰ দাস আৰু পৰিয়ালে আজিও সুন্দৰকৈ ব্যৱহাৰৰ উপযোগী কৰি ৰাখিছে বৰপেৰাটো । ইতিহাস গৰকি বিজয় শংকৰ দাসৰ প্ৰায় ছয়-সাতটা প্ৰজন্ম পাৰ হৈ গ'ল যদিও এই কেইবাশ বছৰীয়া কালত কাঠৰ বৰপেৰাটোত ঘূণেও নধৰিলে,নপচিলে ইয়াৰ কাঠ ৷
উল্লেখ যে, বৰপেৰাটো খোলাৰ প্ৰক্ৰিয়া আন পেৰাৰ দৰে নহয়। এই পেৰা খোলাৰ পদ্ধতি সমূলি পৃথক। বিজয় শংকৰ দাসৰ পৰিয়ালৰ ওচৰত থকা এই বৰপেৰাত তেতিয়াৰ যুগতেই কোনো নিপুন কাৰিকৰে কাঠত খোদিত কৰি দিয়া ফুল আজিও জিলিকি আছে । প্ৰায় চাৰে তিনিফুট বহল আৰু চাৰে ছয় ফুট দীঘল বৰপেৰাটোৱে এটি কোঠাৰ বৃহৎ অংশ আগুৰি ধৰে ৷ পূৰ্বে পুৰুষে দি যোৱা সম্পদ আৰু অসমীয়া জনজীৱনৰ ঐতিহাসিক স্বাক্ষৰ হিচাপে গৌৰৱ অনুভৱ কৰি নিজ গৃহৰ আগফালৰ কোঠাত আজিও এই বৰপেৰাটো সগৌৰৱেৰে সজায় ৰাখিছে বিজয় শংকৰ দাস আৰু পৰিয়ালটোৱে ।
লগতে পঢ়ক : বন্ধ হোৱাৰ পথত 17 খন কৈ চৰকাৰী বিদ্যালয় !