মৰাণ, 18 ফেব্ৰুৱাৰী : সোণাৰি নগৰত বোমাতংক (Bomb Hoax at Sonari) । সৃষ্টি হৈছে এক আতংকময় পৰিৱেশৰ । সোণাৰিৰ নামৰূপ বাছ ষ্টেণ্ডৰ কাষতে থকা এটা তেল ডিপোৰ সন্মুখত পোৱা গৈছে গৰাকীবিহীন এটা ক’লা ৰঙৰ বেগ ৷
এই ক’লা ৰঙৰ বেগটোক লৈ চহৰখনত সৃষ্টি হৈছে এক আতংকময় পৰিৱেশৰ । স্তব্ধ হৈ পৰিছে যাতায়ত ব্যৱস্থা । ক’লা ৰঙৰ বেগটোৰ ভিতৰত বোমা থকাৰ সন্দেহ স্থানীয় লোক তথা আৰক্ষীৰ ।
লগতে পঢ়ক : গুৱাহাটীত অস্বাস্থ্যকৰ পানী বটল ‘পেকেজিঙ’ৰ বিৰুদ্ধে জিলা প্ৰশাসনৰ অভিযান