ETV Bharat / state

আনুষ্ঠানিকতা ৰক্ষা কৰি আটাছুৰ কেন্দ্ৰীয় ব’হাগী সন্মিলন

author img

By

Published : Apr 24, 2021, 6:58 AM IST

আনুষ্ঠানিকতা ৰক্ষা কৰি এদিনীয়া কাৰ্যসূচীৰে মৰাণত আটাছুৰ কেন্দ্ৰীয় ব’হাগী সন্মিলন অনুষ্ঠিত ৷ ক'ভিড-১৯ ৰ বাবে সকলো কাৰ্যসূচী বাতিল ঘোষণা উদযাপন সমিতিৰ ৷

আনুষ্ঠানিকতা ৰক্ষা কৰি মৰাণত 'আটাছু'ৰ কেন্দ্ৰীয় ব’হাগী সন্মিলন

মৰাণ,24 এপ্ৰিল: ক'ভিডৰ ভয়াৱহতাৰ দ্বিতীয় লহৰে ৰাজ্যত এতিয়া ত্ৰাসৰ সৃষ্টি কৰিছে ৷ মহামাৰী কৰ’ণা ভাইৰাছৰ ফলত ম্লান পৰিছে অসম বাপতি সাহোন ৰঙালীৰ উৎসাহ ৷ ক'ভিড মহামাৰীৰ বাবে দ্বিতীয়বাৰৰ বাবে ডিব্ৰুগড়, চৰাইদেউৰ লগতে ৰাজ্যৰ বহু কেইখন জিলাত বাতিল কৰা হৈছে বিহুৰ অনুষ্ঠান । শুকুৰবাৰে কেৱল মাত্ৰ আনুষ্ঠানিকতা ৰক্ষা কৰি সদৌ টাই আহোম ছাত্ৰ সন্থাৰ মৰাণ আঞ্চলিক সমিতিয়ে দশম বাৰ্ষিক কেন্দ্ৰীয় ব’হাগী সন্মিলনখন অনুষ্ঠিত কৰে ।

সদৌ টাই আহোম ছাত্ৰ সন্থাৰ মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু মৰাণবাসীৰ ৰাইজৰ সহযোগত ২৩-২৪ এপ্ৰিলত দুদিনীয়াকৈ মৰাণ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত দশম বাৰ্ষিক কেন্দ্ৰীয় ব’হাগী সন্মিলনখন অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি চলাইছিল ৷ কিন্তু শুকুৰবাৰে কেৱল ক'ভিড-১৯ ৰ ভয়াৱহতাৰ বাবে অনুষ্টুপীয়াকৈ দশম বাৰ্ষিক কেন্দ্ৰীয় ব’হাগী সন্মিলনখন অনুষ্ঠিত কৰা হয় ৷

কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন, মৈদাম তৰ্পণ কৰাৰ পাছতে দুদিন পূৰ্বে মৃত্যু হোৱা মৰাণৰ জ্যেষ্ঠ সাংবাদিক যদু চুতীয়াক শ্ৰদ্ধাঞ্জলি জানোৱা হয় । ইয়াৰ পাছতে আনুষ্ঠানিকতা ৰক্ষা কৰি জেং বিহু আৰু হুঁচৰি প্ৰদৰ্শন কৰা হয় । বিহু সন্মিলনীৰ লগত সংগতি ৰাখি এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰে মৰাণ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড৹ অসীমাভ দত্তই । সন্মিলনীস্থলীতে সূৰ্য বুঢ়াগোঁহাইৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেইবাজনো কেন্দ্ৰীয় নেতাৰ লগতে মৰাণৰ বহু কেইজন বিশিষ্ট ব্যক্তিয়ে অংশ লয় ।

লগতে পঢ়ক: ক'ভিডৰ ভয়াৱহ সংক্ৰমণ: তৎপৰ মন্ত্রী হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.