ETV Bharat / state

জাতীয় সংগঠন নহয়; এইবাৰ খোদ বিজেপি কৰ্মকৰ্তাৰ বিৰুদ্ধে চান্দা সংগ্ৰহৰ অভিযোগ

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দিয়া কঠোৰ নিৰ্দেশনা নামানে বিজেপিৰে একাংশ কৰ্মকৰ্তাই ৷ ডিব্ৰুগড়ত বিজেপিৰ কৰ্মকৰ্তাই দৰিদ্ৰ সীমাৰেখাৰ তলৰ মহিলা হিতাধিকাৰীৰ পৰা ভয়-ভাবুকিৰে চান্দা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে (BJP workers allegedly collecting fund from women beneficiaries) ৷

bjp-workers-allegedly-collecting-fund-from-women-beneficiaries
আনক চান্দা পাৰ্টী বোলা বিজেপিৰ নেতা-পালিনেতাই নিজেই তুলি ফুৰিছে নেকি চান্দা ?
author img

By

Published : Jan 23, 2022, 6:44 PM IST

মৰাণ, 23 জানুৱাৰী : সচৰাচৰ ৰাজ্যৰ একাংশ দল-সংগঠনক চান্দা সংস্কৃতিৰ ধ্বজ্জাবাহক বুলি আখ্যা দি দল-সংগঠনে চান্দা সংগ্ৰহ কৰা নীতিৰ তীব্ৰ বিৰোধিতা কৰি আহিছে দেশ তথা ৰাজ্যৰ শাসনৰ মছনদত অধিস্থিত বিজেপি দলে ৷ সময়ে সময়ে মুখ্যমন্ত্ৰীকে ধৰি বিজেপিৰ নেতা-মন্ত্ৰীৰ পৰা আৰম্ভ কৰি একেবাৰে তৃণমূল পৰ্যায়ৰ সদস্যলৈকে প্ৰায় ভাগেই বিভিন্ন মাধ্যমত সামাজিকভাৱে একাংশ দল-সংগঠনক চান্দা সংগ্ৰহৰ বাবে উপহাস কৰি অহা দেখা গৈছে ৷

bjp-workers-allegedly-collecting-fund-from-women-beneficiaries
বিজেপিৰ ধন সংগ্ৰহৰ ৰচিদ

চান্দা পাৰ্টী বুলি আন আদৰ্শৰ দল-সংগঠনক গৰিহণা দি অহা বিজেপিৰ একাংশ নেতা কৰ্মীয়ে নিজেও পিছে সময়ে সময়ে চান্দা সংগ্ৰহ কৰি অহাৰ ঘটনাই বিতৰ্কৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে ৷ আনহে নালাগে চান্দা তুলি দুখীয়া মানুহক হাৰাশাস্তি কৰাৰ বিপক্ষে খোদ মুখ্যমন্ত্ৰীয়ে সচৰাচৰ দি অহা কথোৰ সকিয়নীকো যেন এতিয়া ভ্ৰূক্ষেপই কৰা নাই বিজেপিৰে এচাম পালি নেতাই ৷ শেহতীয়াকৈ অভিযোগ উত্থাপিত হৈছে যে, অৰুণোদয় আঁচনি পোৱা মহিলাৰ পৰাও ধন সংগ্ৰহ বিজেপিৰ এচাম পালি নেতাই (Allegation of illegal fund collection against BJP leaders) ৷

আঁচনিৰ ধন লাভ কৰা মহিলাৰ পৰা ১০০ টকাকৈ সংগ্ৰহ কৰি অহা বিজেপিৰ এনে নেতাই ধন নিদিলে আঁচনি বন্ধ কৰি দিয়াৰ ভাবুকি দিয়া বুলিও উত্থাপিত হৈছে অভিযোগ (Scam in Orunodoi Scheme implementation) ৷

আনক চান্দা পাৰ্টী বোলা বিজেপিৰ নেতা-পালিনেতাই নিজেই তুলি ফুৰিছে নেকি চান্দা ?

মন কৰিব লগীয়া যে, ভয়-ভাবুকিৰে ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তত শেহতীয়াকৈ অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত দৰিদ্ৰ সীমাৰেখাৰ তলৰ হিতাধিকাৰী সকলৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ সহযোগ নিধিৰ বাবে ১০০ টকাৰ পৰা ৫০০ টকাকৈ ধন সংগ্ৰহ কৰিছে দলীয় কৰ্মীসকলে (BJP workers allegedly collecting fund from women beneficiaries) ।

অভিযোগ অনুসৰি, আঁচনি বন্ধ কৰি দিয়াৰ ভয়-ভাবুকি দেখুৱাই ইতিমধ্যে বহুলোকৰ পৰা ধন সংগ্ৰহ কৰিছে বিজেপিৰ নেতা কৰ্মীয়ে । উল্লেখ্য যে, ‘‘ভাৰতীয় জনতা পাৰ্টী, অসম প্ৰদেশৰ সহযোগ নিধি-২০২২’’ ৰ বাবে কেৱল বিজেপি কাৰ্যকৰ্তাৰ পৰাহে ১০০ টকা ৫০০ টকাকৈ সংগ্ৰহ কৰিব লাগে যদিও সৰ্বসাধাৰণ মহিলাসকলৰ পৰাও এইদৰে ধন সংগ্ৰহ কৰাত ক্ষোভিত হৈ পৰিছে হিতাধিকাৰীসকল (Anger among women beneficiaries against BJP)।

লগতে পঢ়ক :Student Leader Shot by Police : আনন্দ মিশ্ৰৰ পদত্যাগ দাবী বিধায়ক অখিল গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.