টিংখাং,18 ফেব্ৰুৱাৰী: টিংখাঙৰ নাচনী নপামত টিংখাং বিধানসভা সমষ্টিৰ টিংখাং আৰু লেঙেৰী মণ্ডলৰ উদ্যোগত বিজেপিৰ পৃষ্ঠা প্ৰমুখ সন্মিলন বুধবাৰে অনুষ্ঠিত হয় । লেঙেৰী মণ্ডলৰ সভাপতি প্ৰদ্যুত দত্তই উদ্বোধন কৰা পৃষ্ঠা প্ৰমুখ সন্মিলনখন টিংখাং মণ্ডলৰ সভাপতি তিলেশ্বৰ চাংমাৰ সভাপতিত্বত অনুষ্ঠিত হয় ৷ সমষ্টিটোৰ প্ৰায় পাঁচ হেজাৰ পৃষ্ঠা প্ৰমুখ কাৰ্য-কৰ্তাই অংশগ্ৰহণ কৰে সন্মিলনখনত ৷
![টিংখাঙত অনুষ্ঠিত হ'ল বিজেপিৰ পৃষ্ঠা প্ৰমূখ সন্মিলন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tingkhong-bjp-page-conference-812-to-815-dipok-gogoi-asc10071_17022021193023_1702f_1613570423_247.jpg)
এই সন্মিলনখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকন, দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা, বিজেপিৰ অসম প্ৰদেশৰ মুখপাত্ৰ সুভাষ দত্ত, এপিডিচিএলৰ সঞ্চালক অনুপ সিং ৰাজ পুৰোহিত, জিলা সাধাৰণ সম্পাদক শ্যামল ভূমিজ, লেঙেৰী মণ্ডলৰ প্ৰভাৰী ভাস্কৰ বৰুৱাকে ধৰি ভাৰতীয় জনতা পাৰ্টীৰ কেইবাজনো বিষয়-ববীয়া উপস্থিত থাকে । আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দায়িত্ব আৰু কৰ্তব্যৰ জৰিয়তে দলটোক জন সাধাৰণৰ মাজলৈ সফলভাৱে আগুৱাই নিবলৈ পৃষ্ঠা প্ৰমুখসকলক আহ্বান জনাই বিধায়ক প্ৰশান্ত ফুকনে ৷
লগতে পঢ়ক: ৰাজ্যত মুকলি হ’ব IWTৰ চাৰিখনকৈ ৰপেক্স জাহাজ