ETV Bharat / state

মুম্বাই ফেৰৎ বিধায়কে টিংখাঙত বিজেপি কৰ্মীক দিছে প্ৰশিক্ষণ

author img

By

Published : Nov 22, 2021, 1:57 PM IST

Updated : Nov 22, 2021, 2:15 PM IST

ডিব্ৰুগড়ত বিজেপিৰ প্ৰশিক্ষণ শিবিৰ(BJP training camp in tingkhong) অনুষ্ঠিত ৷ দলৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰাৰ উদ্দেশ্যে এটাৰ পাচত এটাকৈ প্ৰশিক্ষণ শিবিৰ পাতিছে বিজেপিয়ে ৷

BJPs first district training camp
টিংখাঙত বিজেপিৰ দলীয় কৰ্মীক দিয়া হৈছে প্ৰশিক্ষণ

ডিব্ৰুগড়, 22 নৱেম্বৰ : মুম্বাইত তিনিদিনীয়া প্ৰশিক্ষণ লৈ অহা ৰাজ্যিক বিজেপিৰ মন্ত্ৰী-বিধায়ক এতিয়া হৈ পৰিছে প্ৰশিক্ষক ৷ পোন প্ৰথমবাৰৰ বাবে বিজেপিৰ মন্ত্ৰী-বিধায়কক লৈ মুম্বাইত অনুষ্ঠিত হৈছিল BJP ৰ তিনিদিনীয়া প্ৰশিক্ষণ শিবিৰ (BJP training camp in mumbai) ৷

দলৰ সাংগঠনিক ভেঁটি সুদৃঢ় কৰাৰ লক্ষ্য আগত ৰাখি বিজেপিয়ে এই নতুন শৈলী হাতত লৈছে ৷ এতিয়া জিলাভিত্তিক প্ৰশিক্ষণ (District wise training for BJP cadres) আৰম্ভ কৰিছে শাসনাধিষ্ঠ বিজেপিয়ে ৷ প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ৰ টিংখাঙত 19 নৱেম্বৰৰ পৰা 21 নৱেম্বৰলৈকে বিজেপিৰ দলীয় কৰ্মীৰ প্ৰশিক্ষণ অনুষ্ঠিত হয় ৷

টিংখাঙৰ শলগুৰিত ভাৰতীয় জনতা পাৰ্টীৰ বিষয়ববীয়া তথা কাৰ্যকৰ্তা সকলক লৈ তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ল এই কাৰ্যসূচী ৷ মুম্বাইত প্ৰশিক্ষণ লৈ অহা ডিব্ৰুগড় জিলাৰ সকলো বিধায়কৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰামেশ্বৰ তেলী আৰু মন্ত্ৰী বিমল বৰা এই তিনিদিনীয়া প্ৰশিক্ষণ শিবিৰত উপস্থিত থাকে ৷

তেওঁলোকে তৃণমূল পৰ্যায়ত দলটোক অধিক শক্তিশালী কৰিবলৈ কৰ্মীসকলক প্ৰশিক্ষণ দিয়ে (training for grassroots workers) ।

ৰাজ্যৰ জনসাধাৰণক সমস্যাই জুৰুলা কৰি ৰখা সময়ত বিজেপি দলে মন্ত্ৰী-বিধায়কক লৈ এনে অনুষ্ঠান আয়োজন কৰা কাৰ্যক বিৰোধী দলসমূহে সমালোচনা কৰিছিল যদিও তাত অলপো গুৰুত্ব প্ৰদান নকৰিলে দলটোৱে ৷ মুঠৰ ওপৰত ৰাজ্যত শক্তিশালী দল হিচাপে বৰ্তি থাকিবলৈ চেষ্টা অব্যাহত ৰাখিছে বিজেপিয়ে ৷ বিজেপি চৰকাৰৰ এই প্ৰচেষ্টাৰ মাজত সক্ৰিয় বিৰোধী দল কংগ্ৰেছৰ লগতে আন আন আঞ্চলিক দলসমূহৰ ৰাইজৰ মাজলৈ যোৱা কাৰ্যপন্থা লক্ষণীয় হ’ব ৷

লগতে চাওক : Parag Kumar Das memorial debate competition : অন্ত পৰিল ৰূপালী জয়ন্তী বৰ্ষ

Last Updated : Nov 22, 2021, 2:15 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.