ETV Bharat / state

ভাৰতীয় জনতা যুৱ মৰ্চাৰ যুৱ সমাৰোহ সম্পন্ন - জেপিৰ যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি তেজশ্ৰী সূৰ্য্য

সোণোৱাল কছাৰী সমন্বয় ক্ষেত্ৰত দেওবাৰে অনুষ্ঠিত হয় ভাৰতীয় জনতা যুৱ মৰ্চাৰ যুৱ সমাৰোহ । যুৱ সমাৰোহখনৰ জৰিয়তে ডিব্ৰুগড়ত বিজেপিয়ে ৰণডংকা বজায় ৷ উক্ত সমাৰোহত উপস্থিত থাকে ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি তেজস্বী সূৰ্য, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেবিনেট মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ভাৰতীয় জনতা যুৱ মৰ্চাৰ অসম প্ৰদেশৰ সভাপতি অনুপ বৰ্মনকে ধৰি বিজেপিৰ অন্যান্য মন্ত্ৰী, বিধায়কসকল ৷

যুৱ সমাৰোহেৰে ডিব্ৰুগড়ত বিজেপিৰ নিৰ্বাচনী ৰণদংকা

author img

By

Published : Mar 1, 2021, 8:10 AM IST

ডিব্ৰুগড়,1 মাৰ্চ: নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতে ডিব্ৰুগড় জিলাৰ লাহোৱাল বিধানসভা সমষ্টিৰ ডাইনীজানস্থিত সোণোৱাল কছাৰী সমন্বয় ক্ষেত্ৰত দেওবাৰে অনুষ্ঠিত হয় ভাৰতীয় জনতা যুৱ মৰ্চাৰ বিশাল যুৱ সমাৰোহ । এই সমাৰোহ অনুষ্ঠিত কৰি ডিব্ৰুগড়ত নিৰ্বাচনৰ ৰণডংকা বজালে বিজেপিয়ে । ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ উদ্যোগত অনুষ্ঠিত এই যুৱ সমাৰোহ ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি তেজস্বী সূৰ্যই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে ৷ সমাৰোহত আদৰণি ভাষণ প্ৰদান কৰে যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি অনুপ বৰ্মনে । এই যুৱ সমাৰোহত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৷

এই ৰাজহুৱা সভাত উপস্থিত থাকি কংগ্ৰেছৰ দিনৰ অসম আৰু এতিয়াৰ অসমৰ পাৰ্থক্য আছে বুলি মন্তব্য কৰে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । কংগ্ৰেছৰ দিনত ধূতি আৰু লুঙিৰ কথাই বেছি চিন্তা কৰিছিল । কংগ্ৰেছৰ হাতৰ প্ৰতীকৰ পৰিৱৰ্তে লুঙি হৈ যাব লাগিছিল বুলি ভাষণ প্ৰসংগত বিৰোধী দলটোক কটাক্ষ কৰে মন্ত্ৰী গৰাকীয়ে । আনহাতে সূতা, কম্বল, ধূতিৰ ৰাজনীতি বিজেপিয়ে কৰা নাই বুলিও মন্তব্য কৰে অসম চৰকাৰৰ মন্ত্ৰী গৰাকীয়ে ।

প্ৰতি বছৰে ৪ লাখ ছাত্ৰ-ছাত্ৰীয়ে বিনামূলীয়াকৈ শিক্ষা গ্ৰহণৰ সুবিধা লাভ কৰিছে । ফলত ২০ লাখ অভিভাৱকে শান্তিৰে শুইছে । ছাত্ৰীসকলক স্কুটী দিয়া হৈছে, ছাত্ৰসকলকো দিয়াৰ আশ্বাস প্ৰদান কৰে মন্ত্ৰী শৰ্মাই ৷ যিসমূহ পৰিয়ালে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰা নাই, সেইসকলক পুনৰ বিজেপি চৰকাৰ হ'লে এই সুবিধা দিয়াৰ আশ্বাসৰ লগতে স্বয়মৰ ধন ৩ হেজাৰ টকালৈ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে হিমন্ত বিশ্ব শৰ্মাই ।

যুৱ সমাৰোহেৰে ডিব্ৰুগড়ত বিজেপিৰ নিৰ্বাচনী ৰণদংকা

সমাৰোহত এআইইউডিএফ আৰু কংগ্ৰেছক তীব্ৰ আক্ৰমণ কৰে মন্ত্ৰী ডঃ শৰ্মাই । আজমলে অসমৰ কথা চিন্তা নকৰে, আজমলে বটদ্ৰৱাৰ মাটি কেনেকৈ দখল কৰিব পাৰি সেই কথাহে চিন্তা কৰে বুলি সমালোচনা মন্ত্ৰী গৰাকীৰ । আনকি আজমলক ব্ৰহ্মপুত্ৰত পেলাই দিয়াৰো আহ্বান হিমন্ত বিশ্ব শৰ্মাৰ । ইফালে কংগ্ৰেছ-এআইইউডিএফ-ৰ মহাজোঁটৰ প্ৰতিও কটাক্ষ কৰে মন্ত্ৰী গৰাকীয়ে । মহাজোঁটৰ গাঁঠি জীৱনত খুলিব নোৱাৰা কৰিব লাগিব বুলি যুৱ মৰ্চাৰ প্ৰতি আহ্বান হিমন্তৰ ৷

সমাৰোহত বিজেপিৰ যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি তেজস্বী সূৰ্যই ভাষণ প্ৰদান কৰি অসমৰ উন্নতি, প্ৰগতিৰ গতি অব্যাহত ৰাখিবলৈ বিজেপিক পুনৰ শাসনলৈ অনাটো অতি প‌্ৰয়োজন বুলি মন্তব্য কৰে । কংগ্ৰেছৰ কোনো সু-নিৰ্দিষ্ট নীতি নাই ৷ অসমৰ ভাষা-সংস্কৃতি ৰক্ষাৰ বাবে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত পুনৰ চৰকাৰ গঠন কৰিবলৈ যুৱ প্ৰজন্মক দেহে-কেহে লাগিবলৈ আহ্বান সূৰ্যৰ ।

লগতে পঢ়কঃ নলবাৰী থানাত উপস্থিত ডিআইজি ব্ৰজেন্দ্ৰ জিৎ সিনহা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.