মৰাণ, 21মাৰ্চ: বিধান সভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে দল বাগৰা ৰাজনীতি তুংগত উঠিছে ৷ দেওবাৰে পুৱাৰ ভাগতে মৰাণৰ সমীপৰ মাহমৰা বিধান সভা সমষ্টিতো বহু লোকে যোগদান কৰে বিজেপিত ৷
ভাৰতীয় জনতা পাৰ্টী দলৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ মাহমৰা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী তথা মন্ত্ৰী যোগেন মহনৰ মৰাণস্থিত বাসগৃহত সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ বহুলোকে দৈনিক ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰা পৰিলক্ষিত হৈছে ।
দেওবাৰে পুৱাই বিজেপি দলৰ প্ৰাৰ্থী যোগেন মহনে নিজ বাসগৃহত দলীয় গামোচা আৰু টুপি পিন্ধাই যোগদান কৰা কৰ্মী সকলক দললৈ আদৰে ৷ ইয়াৰ ফলত মাহমৰাত বিজেপিৰ ভেঁটি শক্তিশালী হৈ আহিছে বুলি মন্তব্য কৰে মন্ত্ৰী যোগেন মহনে ৷ আনকি এইবাৰ বিপুল ভোটত জয় হ’ব বুলি আত্মবিশ্বাসী বিজেপি প্ৰাৰ্থী গৰাকী ৷