ETV Bharat / state

Daisina tree cultivation in Assam: ডাইচিনা গছৰ খেতিৰে স্বাৱলম্বী মৰাণৰ এজন যুৱক - ডাইচিনা গছৰ খেতিৰে স্বাৱলম্বী মৰাণৰ এজন যুৱক

কৰ্মসংস্থাপন বিচাৰি চৰকাৰী চাকৰিৰ পিছত লাগি নাথাকি বা বহিঃৰাজ্যলৈ ঢাপলি নেমেলি মৰাণৰ এজন যুৱকে কৃষি কৰ্মৰে বাচি লৈছে স্বাৱলম্বিতাৰ পথ । ডাইচিনা গছৰ বাগিচা পাতি স্বাৱলম্বিতাৰ বাট বুলিছে মৰাণৰ বিশ্বজিত চুতীয়াই(Biswajit Chutia self reliant Daisina cultivation) । কিন্তু কিছুদিন পূৰ্বে মৰাণত হোৱা শিলাবৃষ্টিৰ ফলত বৃহৎ লোকচানৰ সন্মুখীন হৈছে বিশ্বজিত চুতীয়া ।

Biswajit Chutia self reliant Daisina cultivation
ডাইচিনা গছৰ খেতিৰে স্বাৱলম্বী মৰাণৰ বিশ্বজিত চুতীয়া
author img

By

Published : Jan 3, 2023, 3:04 PM IST

ডাইচিনা গছৰ খেতিৰে স্বাৱলম্বী মৰাণৰ বিশ্বজিত চুতীয়া

মৰাণ,৩ জানুৱাৰী: ৰাজ্যৰ নিবনুৱা সমস্যা কোনো নতুন কথা নহয় ৷ নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত হৈ দুশ্চিন্তাত ৰাজ্যৰ বহু নিৱনুৱা ৷ চাকৰি বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে নিৱনুৱা যুৱক-যুৱতীসকল ৷ ইয়াৰ মাজতে ৰাজ্যৰ হেজাৰ হেজাৰ যুৱকে কৰ্ম সংস্থাপনৰ পথ বিচাৰি উপায়বিহীন হৈ বহিঃৰাজ্যলৈ ঢপলিয়াইছে ৷ কাৰণ তেওঁলোকক লাগে কেৱল সংস্থাপন ৷ আজি আমি কম এনে এজন উদ্যমী যুৱকৰ কথা যিয়ে চাকৰিৰ আশাত বহি নাথাকি অথবা কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ নগৈ নিজৰ ভূমিতে বিচাৰি উলিয়াইছে কৰ্মসংস্থাপনৰ পথ ৷

মৰাণৰ এজন উদ্যমী যুৱকেও বিচাৰি লৈছে স্বাৱলম্বিতাৰ পথ । আপোনালোকে সকলোৱেই বিয়া, জন্মদিন বা বিভিন্ন অনুষ্ঠানলৈ নিশ্চয় গৈছে আৰু তাত সুন্দৰকৈ সজাই ৰখা সতেজ ফুলৰ সজ্জাসমূহ নিশ্চয় মন কৰিছে । কিন্তু আপোনালোকে কেতিয়াবা মন কৰিছেনে সেই সমূহ ফুল কৰ পৰা আহে । ৭০ শতাংশ ফুলেই বহিঃৰাজ্যৰ পৰা আমদানি কৰা হয় । কিন্তু মৰাণৰ এজন যুৱকে পথাৰো আমাৰ বজাৰো আমাৰ উক্তি আগত ৰাখি প্ৰায় দুবিঘা মাটিত তিনিবছৰ পৰাই সেই ফুলসজ্জাত ব্যৱহৃত এবিধ বিশেষ ফুলৰ খেতি কৰি আহিছে(Moran youth self reliant with nursery) ।

খেতিৰ লগতে বিভিন্ন জিলালৈ তেওঁৰ বাগিচাৰ উৎপাদিত ফুল প্ৰেৰণ কৰি আহিছিল । যুৱকজন হ'ল ডিব্ৰুগড় জিলাৰ মৰাণ গজপুৰীয়াৰ বিশ্বজিত চুতীয়া । কিন্তু বিধিৰ কোপদৃষ্টি পৰিল বিশ্বজিতৰ বাগিচাত । যোৱা কেইটামান দিনৰ পূৰ্বে প্ৰৱল শিলাবৃষ্টিয়ে আন বহুজনৰ লগতে মুহূৰ্ততে ধ্বংস কৰি নিলে মৰাণৰ গজপুৰীয়া গাঁৱত থকা উজনি অসমৰ প্ৰথমখন ডাইচিনা গছৰ বাগিচা(Biswajit Chutia self reliant Daisina cultivation) ।

বিবাহৰ পৰা আৰম্ভ কৰি বিভিন্ন সভাই সমিতিয়ে ফুলসজ্জাত ব্যৱহাৰ হয় এই ডাইচিনা পাত । কিন্তু বিশ্বজিতৰ সপোন মুহূৰ্ততে চুৰমাৰ কৰি মৰাণৰ বিভিন্ন অঞ্চলৰ দৰে শিলাবৃষ্টিয়ে মুহূৰ্ততে ধ্বংস কৰিলে বাগিচাখনৰ প্ৰতিজোপা গছ । প্ৰায় দুবিঘা মাটিত তিনিবছৰৰ পূৰ্বে নিজ হাতে গঢ়ি তোলা এই ডাইচিনা গছৰ বাগিচাখনৰ বৰ্তমানৰ অৱস্থাত ভাগি পৰিছে উদ্যমী যুৱক বিশ্বজিত ৷

নিজৰ লগতে কেইবাটাও পৰিয়ালক সংস্থাপনৰ বাট দেখুৱাবলৈ সক্ষম হোৱা বিশ্বজিতে সন্মুখীন হোৱা লোকচানৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰ- প্ৰশাসনক কিছু সহায়-সাহায্য প্ৰদান কৰিবলৈ আহ্বান জনাইছে ৷ যাতে ধ্বংসস্তুপত পৰিণত হোৱা বাগিচাখন পুনৰ আগৰ দৰে গঢ়ি তুলিব পাৰে ৷ বিশ্বজিতেও পুনৰ আগৰ দৰেই বাগিচাখনৰ উৎপাদনত গুৰুত্ব দিব বুলি উল্লেখ কৰে ।

লগতে পঢ়ক: Abuse Teenage girl in Guwahati: হাতীগাঁৱত বনকৰা কিশোৰীৰ ওপৰত নিৰ্যাতন

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.