ETV Bharat / state

বাজপেয়ীক সুঁৱৰি সু-শাসন দিৱসত মোদীৰ জয়গান সোণোৱালৰ - Sarbananda Sonowal in Dibrugarh

Su Sashan Divas celebrated: দুজনকৈ কেন্দ্ৰীয় মন্ত্ৰীৰ উপস্থিতিত ডিব্ৰুগড়ত অনুষ্ঠিত হ'ল প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্মদিন তথা সু-শাসন দিৱস ৷ এই দিৱসত পৌৰসভাৰ চাফাই কৰ্মীসকলক সম্বৰ্ধনা জনালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

Su Shasan Divas 2023
Birth anniversary of atal bihari vajpayee
author img

By ETV Bharat Assamese Team

Published : Dec 25, 2023, 5:58 PM IST

Updated : Dec 25, 2023, 9:12 PM IST

সু-শাসন দিৱসত মোদীৰ জয়গান সোণোৱালৰ

মৰাণ, 25 ডিচেম্বৰ: প্ৰয়াত প্ৰধানমন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টীৰ পিতামহ স্বৰূপ ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ জন্মদিনটো সমগ্ৰ দেশতে সু-শাসন দিৱস হিচাপে উদযাপন কৰা হৈছে ৷ ডিব্ৰুগড় জিলাতো বিজেপি দলে সু-শান দিৱস উপলক্ষে অনুষ্ঠিত কৰে বিশেষ অনুষ্ঠান ৷ ভাৰতীয় জনতা পাৰ্টি ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত ডিব্ৰুগড় পৌৰসভা কাৰ্যালয়ৰ চৌহদত অনুষ্ঠিত কৰা সু-শাসন দিৱসত অংশগ্ৰহণ কৰে দুজনকৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰামেশ্বৰ তেলীয়ে ।

এই অনুষ্ঠানত পৌৰসভাৰ চাফাই কৰ্মীসকলক সম্বৰ্ধনা জনালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । জিলা বিজেপিৰ সভাপতি উজ্জ্বল কাশ্যপে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণ প্ৰদান কৰি ভাৰতৰত্ন প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ অৱদানৰ কথা অৱগত কৰে । প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীয়ে গঢ়ি থৈ যোৱা ৰাজনৈতিক আদৰ্শৰ ভেঁটিত ঠিয় হৈ আজি বিজেপি দল আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেনেদৰে কোটি কোটি জনতাৰ উন্নয়নৰ বাবে কাম কৰিবলৈ সক্ষম হৈছে সেই কথাও সু-শাসন দিৱসত ৰাইজক অৱগত কৰে সোণোৱালে ।

  • Live: অটল বিহাৰী বাজপেয়ীদেৱৰ জন্মদিন উপলক্ষে 'সুশাসন দিৱস' উদযাপন, বিজেপি ডিব্ৰুগড় জিলাৰ উদ্যোগত https://t.co/wy4HKlp8VU

    — Sarbananda Sonowal (@sarbanandsonwal) December 25, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

তেওঁ লগতে কয় যে সু-শাসন ব্যৱস্থা কেনে হ’ব লাগে সেয়া যোৱা 9 বছৰত প্ৰধানমন্ত্ৰী মোদীয়ে দেখুৱাই দিলে ৷ তেওঁৰ বলিষ্ঠ পদক্ষেপৰ দ্বাৰা ভাৰত আজি বিশ্বৰ পঞ্চম বৃহৎ অৰ্থনীতিত পৰিণত হ’ল আৰু অহা 2047 চনৰ ভিতৰত বিশ্বৰ ভিতৰতে ভাৰত শীৰ্ষত থাকিব ৷

এই অনুষ্ঠানত দুগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ উপৰিও ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় জিলা বিজেপিৰ সভাপতি উজ্জ্বল কাশ্যপ, ডিব্ৰুগড় পৌৰসভাৰ পৌৰপতি চৈকত পাত্ৰ, উপ-পৌৰপতি উজ্জ্বল ফুকন প্ৰমুখ্যে দলীয় বিষয়ববীয়া আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ৷

লগতে পঢ়ক: ভাৰতৰত্ন, প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ আজি জন্মদিন, গুৱাহাটীতো বাজপেয়ীক শ্ৰদ্ধাৰে স্মৰণ

Last Updated : Dec 25, 2023, 9:12 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.