টিংখাং, ১৭ আগষ্ট : ডিব্ৰুগড়ৰ টিংখাঙৰ পঞ্চায়তে পঞ্চায়তে ঘূৰিছে স্থানীয় বিধায়ক তথা মন্ত্ৰী বিমল বৰা (minister Bimal Borah) । সোমবাৰে ৰাজ্য চৰকাৰৰ ক্ৰীড়া-যুৱকল্যাণ, পৰ্যটন তথা শক্তিমন্ত্ৰী বিমল বৰাই নিজ সমষ্টিৰ তিনিঠেঙীয়া, লেঙেৰী, শলগুৰি, মাহমৰা আদি পঞ্চায়ত ভ্ৰমণ কৰি ৰাইজৰ অভাৱ অভিযোগৰ বুজ লয় । ভ্ৰমণৰ সময়চোৱাত মন্ত্ৰী গৰাকীয়ে টিংখাঙৰ লেঙেৰী গাঁও পঞ্চায়তৰ নৱ-নিৰ্মিত কাৰ্যালয়টো উদ্বোধন কৰে ।
ভৱন উদ্ধোধন কৰি মন্ত্ৰী গৰাকীয়ে কয় যে গ্ৰাম্য সমাজ সমৃদ্ধিশালী হ'লেহে এখন দেশৰ উন্নয়ন হয় । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Prime minister Narendra Modi) গ্ৰাম্য অঞ্চলৰ উন্নয়নৰ বাবে গ্ৰহণ কৰি অহা বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰি ভাৰতবৰ্ষৰ সাংবিধানিক ব্যৱস্থাত গাঁও পঞ্চায়তৰ গুৰুত্ব অপৰিসীম বুলি উল্লেখ কৰে মন্ত্ৰী বিমল বৰাই । আগন্তুক সময়ত অসম চৰকাৰে গাঁও আৰু পঞ্চায়তৰ উন্নয়নৰ বাবে আৰু অধিক ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে ।
উল্লেখ্য যে বিগত বছৰত 'কা' আন্দোলনৰ (CAA Protest) সময়ত একাংশ লোকে লেঙেৰী গাঁও পঞ্চায়তত অগ্নি সংযোগ কৰিছিল । মন্ত্ৰী গৰাকীয়ে সেই প্ৰসংগ উত্থাপন কৰি কয় যে সেই সময়ত 'কা' আন্দোলনকাৰীসকলে অসমবাসীক মিছা কথাৰে বিভ্ৰান্ত কৰাৰ চেষ্টা কৰিছিল । আনকি ৰাজহুৱা সম্পত্তি ধ্বংস কৰি 'কা' আন্দোলনৰ নামত অসমৰ উন্নয়ন যথেষ্ট স্থবিৰ কৰি দিয়া বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী বিমল বৰাই ।
লগতে পঢ়ক:মূল সুঁতিলৈ ঘূৰি আঁহক ডিমাচা নেচনেল লিবাৰেচন আৰ্মি: ধনপাইনন থাওচেন