ETV Bharat / state

Gunasindhu Hazarika passes away: গুণসিন্ধু হাজৰিকাৰ বিয়োগত গভীৰ শোক প্ৰকাশ মন্ত্ৰী বিমল বড়াৰ

author img

By

Published : Jan 29, 2023, 2:59 PM IST

শনিবাৰে ইহসংসাৰ ত্য়াগ কৰে বিশিষ্ট চলচ্চিত্ৰ পৰিচালক গুণসিন্ধু হাজৰিকাই । বিশিষ্ট পৰিচালকগৰাকীৰ মৃত্যুত ম্ৰিয়মান সাংস্কৃতিক মহল । স্ব-প্ৰতিভাৰে অসমৰ সাংস্কৃতিক জগত চহকী কৰি থৈ যোৱা পৰিচালকগৰাকীৰ মৃত্যুত শোকপ্ৰকাশ কৰে মন্ত্ৰী বিমল বড়াই (Bimal Bora condolences to Gunasindhu Hazarikas death) ।

Bimal Bora condolences to Gunasindhu Hazarikas death
গুণসিন্ধু হাজৰিকাৰ মহাপ্ৰয়াণত গভীৰ শোকপ্ৰকাশ মন্ত্ৰী বিমল বৰাৰ

মৰাণ,২৯ জানুৱাৰী: শনিবাৰে দেহাৱসান ঘটে বিশিষ্ট চলচ্চিত্ৰ পৰিচালক গুণসিন্ধু হাজৰিকাৰ(Gunasindhu Hazarika passes away) । কেইবাখনো জনপ্ৰিয় অসমীয়া ছবি পৰিচালনাৰ সৈতে জড়িত হাজৰিকাই ৭০ বছৰ বয়সত গুৱাহাটী হেঙেৰাবাৰীৰ নিজা বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে । বিশিষ্ট অসমীয়া চলচ্চিত্ৰ পৰিচালক গুণসিন্ধু হাজৰিকাৰ মহাপ্ৰয়াণত গভীৰ শোকপ্ৰকাশ কৰে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বড়াই(Bimal Bora condolences to Gunasindhu Hazarikas death) ।

তেওঁৰ মৃত্যুত অসমৰ সাংস্কৃতিক জগতখনে এগৰাকী অক্লান্ত কৰ্মীক হেৰুৱালে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । অসমৰ সাংস্কৃতিক জগতখনে তেওঁৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰিব বুলি উল্লেখ কৰে সাংস্কৃতিক মন্ত্ৰীগৰাকীয়ে । লগতে প্ৰয়াত বিশিষ্ট পৰিচালকগৰাকীৰ শেষকৃত্যৰ সকলো দায়িত্ব অসম চৰকাৰৰ তৰফৰ পৰা গ্ৰহণ কৰা হ'ব বুলি উল্লেখ কৰে মন্ত্ৰী বিমল বড়াই ।

সুদীৰ্ঘ সময় ধৰি অসুস্থ হৈ থকাৰ পাচত শনিবাৰে নিশা গুৱাহাটীৰ হেঙেৰাবাৰীত অৱস্থিত হাউচিং কলনিৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে প্ৰবীণ পৰিচালকগৰাকীয়ে (Gunasindhu Hazarika is no more) ৷ অসমীয়া চলচ্চিত্ৰ জগতখনৰ উপৰিও বলীউড আৰু ভোজপুৰী ছবিজগতৰ সৈতেও এসময়ত জড়িত হৈ আছিল হাজৰিকা ৷ তেওঁ জড়িত হৈ থকা এখন অসমীয়া ছবিৰ সম্পাদনা চলি থকাৰ সময়তে সংঘটিত এক দুৰ্ঘটনাত চিৰদিনৰ বাবে দৃষ্টশক্তি হেৰুৱাইছিল গুণসিন্ধু হাজৰিকাই ৷ ছবি আৰু সংস্কৃতিৰ প্ৰতি থকা তেওঁৰ টান কিন্তু ইমানৰ পিচতো কমি যোৱা নাছিল ৷

তেওঁ পৰিচালনা কৰিছিল মহাবাহু চিনে প্ৰডাকচনৰ বেনাৰত ‘‘অবুজ বেদনা’’ নামৰ ছবিখন ৷ পৰৱৰ্তী সময়ত হিন্দী ভাষালৈয়ো ডাবিং কৰা হৈছিল ‘‘অবুজ বেদনা’’ ৷ আনকি শিশুছবি অবুজ বেদনাক হিন্দীত ডাবিং কৰি দূৰদৰ্শনৰ ৰাষ্ট্ৰীয় কাৰ্যক্ৰমত সম্প্ৰচাৰ কৰা হৈছিল । বলীউডৰ ‘‘কানুন ৰং লায়েগী’’, ‘‘জব য়াদ কিসিকী আতি হ্যায়’’ নামৰ ছবিকেইখনৰ উপৰিও ‘গৌৰী’ নামৰ ভোজপুৰী ছবিখনৰ সৈতেও জড়িত হৈ আছিল গুণসিন্ধু হাজৰিকা ৷

ইয়াৰ সমান্তৰালভাৱে অসমীয়া আন কেইখনমান ছবি ক্ৰমে মণিৰাম দেৱান, সন্ধ্যাৰাগ, নয়নমণি আদিতো তেওঁ জড়িত হৈ আছিল ৷ দৃষ্টিশক্তি হেৰুওৱাৰ পিচৰে পৰাই তীব্ৰ আৰ্থিক সংকটত ভূগিবলৈ আৰম্ভ কৰে সন্তানহীন হাজৰিকা আৰু তেওঁৰ পত্নীয়ে ৷ আনকি এসময়ত চিকিৎসাৰ বাবেও হাতত ধনৰ অভাৱ ঘটিছিল এইগৰাকী প্ৰবীণ পৰিচালকৰ ৷ চৰকাৰৰ ফালৰ পৰাও বিশেষ কোনো ধৰণৰ সহায় পোৱা নাছিল গুণসিন্ধু হাজৰিকাই ৷

গুণসিন্ধু হাজৰিকাই 1960 ৰ দশকত মুম্বাইত ৰাজ কাপুৰৰ এখন ছবিৰ স্পটবয়ৰ কামেৰে চলচ্চিত্ৰ জগতত খোজ পেলাইছিল । তেওঁ সন্ধ্যাৰাগ (1977), অনিৰ্বাণ (1981), মণিৰাম দেৱান (1964), ললিতা, আদালত, মৰমী, তৰামাই, নয়নমণি আদি বহুতো ছবিৰ পৰিচালনা সহকাৰী আছিল । স্বাধীনভাৱে পৰিচালনা কৰা তেওঁৰ একমাত্ৰ অসমীয়া ছবিখন হ’ল অবুজ বেদনা (1993) । এইগৰাকী মহান শিল্পীক কামপুৰৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান আৰোহনে কপিলী বঁটা 2018 ৰে (Kapili Award 2018) সন্মানিত কৰে ।

লগতে পঢ়ক: Sherman Ali Sahitya Sabha controversy : এইবাৰ অসম সাহিত্য সভাক লৈ বিস্ফোৰণ শ্বেৰমান আলীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.