মৰাণ, ৯ ফেব্ৰুৱাৰী: আহি আছে ২০২১ৰ বিধানসভা নিৰ্বাচন । নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ প্ৰতিটো ৰাজনৈতিক দলতে প্ৰাৰ্থীত্ব প্ৰত্যাশী সকলে কুছকাৱাজ আৰম্ভ কৰিছে । সোমবাৰে মৰাণ সমষ্টিৰ কংগ্ৰেছ দলৰ যুৱ নেতা বিজিত সন্দিকৈয়ে দলীয় প্ৰাৰ্থীত্ব বিচাৰি ডিব্ৰুগড় জিলা কংগ্ৰেছৰ সভাপতি দেৱৰঞ্জন গগৈ, বৰবৰুৱা ব্লক কংগ্ৰেছৰ সভাপতি হিৰন্য নেওগ আৰু খোৱাং ব্লক কংগ্ৰেছৰ কাৰ্য্যকৰী সভাপতি ৰঞ্জন কুমাৰ সন্দিকৈৰ হাতত আবেদন পত্ৰ দাখিল কৰে । এই পৰ্যন্ত মৰাণ সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ পৰা কেৱল বিজিত সন্দিকৈয়ে প্ৰাৰ্থীত্ব বিচাৰি আবেদন পত্ৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে ।
উল্লেখ যে, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰে মৰাণ সমষ্টিৰ কংগ্ৰেছ টিকটৰ দাবী কৰি সমষ্টিৰ দলীয় কাম কাজত ব্যস্ত আছিল যদিও এতিয়ালৈ দলীয় প্ৰাৰ্থীত্ব বিচাৰি আবেদন পত্ৰ দাখিল কৰা নাই প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰে ।
লগতে পঢ়ক:মঙলবাৰে মৰাণত নিৰ্বাচনী ৰণশিঙা বজাব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে