মৰাণ,24 মাৰ্চ: নিৰ্বাচনৰ মাজতে বাপতি সাহোন ৰঙালী বিহুৰ প্ৰস্তুতি চলিছে অসমীয়া ৰাইজৰ মাজত ৷ এজাক শিশুৰ বিহু নাচ, ঢোল বাদনেৰে মঙলবাৰে সামৰণি পৰে সাপেখাতীৰ নগাজান গাঁৱৰ ঢোল আৰু বিহুনাচ কৰ্মশালাৰ ৷
ঐতিহাসিক চৰাইদেউ জিলাৰ অন্তৰ্গত সাপেখাতীৰ নগাজান গাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ সাপেখাতী আঞ্চলিকৰ উদ্যোগত আয়োজন কৰা দহদিনীয়া ঢোল আৰু বিহুনাচ কৰ্মশালাৰ সফল সামৰণি পৰে ।
বুধবাৰে পুৱাৰ ভাগত পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণেৰে আৰম্ভ হোৱা অনুষ্ঠানটিৰ শেষত কৰ্মশালাত প্ৰশিক্ষণৰত শিশুসকলৰ দ্বাৰা বিহু নাচ, ঢোল বাদনেৰে কৰ্মশালাখনিৰ সফল সমাপ্তি ঘটোৱা হয় । প্ৰায় 100 ৰো অধিক শিশু আৰু যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰে এই কৰ্মশালাত ৷
লগতে পঢ়ক: ৰঙাপৰাত বনৰীয়া মেঠুনৰ মুক্ত বিচৰণ