ETV Bharat / state

চাবুৱা আঞ্চলিক বিহু সুৰক্ষা সমিতি গঠন

দেওবাৰে বিহু সুৰক্ষা সমিতি অসমৰ অন্তৰ্গত চাবুৱা আঞ্চলিক বিহু সুৰক্ষা সমিতিখন গঠন কৰা হয় । চাবুৱা এন ই ই আইৰ সভাকক্ষত অনুষ্ঠিত ৰাজহুৱা সভাতেই আংশিকভাৱে চাবুৱা আঞ্চলিক বিহু সুৰক্ষা সমিতিখন গঠন হয় । বিহু সুৰক্ষা সমিতিখন গঠনৰ উদ্দেশ্যে আয়োজিত ৰাজহুৱা সভাখনিত কেন্দ্ৰীয় আৰু জিলা সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থকাৰ লগতে চাবুৱাৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ।

চাবুৱা আঞ্চলিক বিহু সুৰক্ষা সমিতি গঠন
চাবুৱা আঞ্চলিক বিহু সুৰক্ষা সমিতি গঠন
author img

By

Published : Apr 5, 2021, 12:40 PM IST

মৰাণ,৫ এপ্ৰিল: ৰাজ‍্যত বিধানসভা নিৰ্বাচনৰ সমান্তৰালকৈ চলিছে ৰঙালীক আদৰাৰ প্ৰস্তুতি । ৰাজ‍্যৰ বিভিন্ন স্থানত অনুষ্ঠিত হৈছে বিহু কৰ্মশালা, বিহু সমিতি গঠন ৷ কি উজনি কি নামনি সকলোতে এতিয়া বিহুক আদৰাৰ প্ৰস্তুতি ৷ আন আন ঠাইসমূহৰ সমান্তৰালকৈ ডিব্ৰুগড়ৰ চাবুৱাতো দেখিবলৈ পোৱা গৈছে বিহুৰ ব্যস্ততা ৷ দেওবাৰে বিহু সুৰক্ষা সমিতি অসমৰ অন্তৰ্গত চাবুৱা আঞ্চলিক বিহু সুৰক্ষা সমিতিখন গঠন কৰা হয় । চাবুৱা এন ই ই আইৰ সভাকক্ষত অনুষ্ঠিত ৰাজহুৱা সভাতেই আংশিকভাৱে চাবুৱা আঞ্চলিক বিহু সুৰক্ষা সমিতিখন গঠন হয় । বিহু সুৰক্ষা সমিতিখন গঠনৰ উদ্দেশ্যে আয়োজিত ৰাজহুৱা সভাখনিত কেন্দ্ৰীয় আৰু জিলা সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থকাৰ লগতে চাবুৱাৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ।

চাবুৱা আঞ্চলিক বিহু সুৰক্ষা সমিতি গঠন
চাবুৱা আঞ্চলিক বিহু সুৰক্ষা সমিতি গঠন

সমিতিৰ পৰম্পৰা অনুসৰি, বন্তি প্ৰজ্বলন আৰু হুঁচৰিৰে ৰাজহুৱা সভাখনি আৰম্ভ হয় । অসমীয়াৰ জাতীয় কৃষ্টি বিহুৰ স্বকীয়তা অক্ষুণ্ণ ৰাখি শুদ্ধ ৰূপত উপস্থাপনৰ বাবে ঐক্যবদ্ধ প্ৰচেষ্টাক সংগঠিত ৰূপ দিয়াৰ বাবে চাবুৱাত বিহু সুৰক্ষা সমিতিখন গঠন কৰিবলৈ লোৱা হৈছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে । উত্তৰ-পূবৰ জাতি-জনগোষ্ঠীৰ কৃষ্টিসমূহক সুৰক্ষা আৰু অধ্যয়নৰ দিশত এলানী কাৰ্যসূচীও লোৱা হৈছে বুলি বিহু সুৰক্ষা সমিতি অসমৰ মুখ্য উপদেষ্টা লোহিত কুমাৰ গগৈয়ে সভাৰ ভাষণত কয় ।

চাবুৱাৰ বিশিষ্ট সমাজ কৰ্মী প্ৰশান্ত নেওগক সভাপতি, সাধাৰণ সম্পাদক পুৰন্দৰ গোঁহাই আৰু সাংগঠনিক সম্পাদক দিব্যজ্যোতি লাহনক লৈ পৰৱৰ্তী সময়ত চাবুৱা অঞ্চলৰ সকলো জাতি-জনগোষ্ঠী তথা সাংস্কৃতিক ক্ষেত্ৰখনত জড়িত থকা ব্যক্তিৰ উপস্থিতিত পূৰ্ণাঙ্গ ৰূপ দিয়া হ’ব বুলি জানিবলৈ দিয়ে । সভাত কেন্দ্ৰীয় সমিতিৰ সম্পাদক পৱিত্ৰ মোহন ওপুকন, প্ৰচাৰ সম্পাদক কৃপাল ফুকন, উৎপাদনী বিভাগৰ সম্পাদক অনিল গায়ন আদি উপস্থিত থকাৰ লগতে চাবুৱা অঞ্চলৰ বহু ব্যক্তিসকল উপস্থিত থাকে ।

লগতে পঢ়ক: মটক বাগিচাত প্ৰৱেশ নিষিদ্ধ আটছাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.