ETV Bharat / state

ৰাইজে গাঁঠিৰ ধন ভাঙি মেৰামতি কৰিলে পথ

author img

By

Published : Aug 23, 2020, 10:35 AM IST

টিংখাঙত ৰাইজে গাঁঁঠিৰ ধনেৰে শ্ৰম দান কৰি মেৰামতি কৰিলে জৰাজীৰ্ণ পথ ৷

Bad road condition
ৰাইজে গাঁঠিৰ ধন ভাঙি মেৰামতি কৰিলে পথ

টিংখাং, 23 আগষ্টঃ চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা টিংখাঙৰ এটা জৰাজীৰ্ণ পথ ৰাইজৰ দান-বৰঙণিৰে শিল ক্ৰয় কৰি মেৰামতি কৰিছে গাঁওবাসীয়ে । টিংখাঙৰ ২ নং গড়গুৰি গাঁৱৰ প্ৰায় চাৰে চাৰি কিল'মিটাৰ দৈৰ্ঘ্যৰ একমাত্ৰ পথটো বাৰিষা আৰম্ভ হোৱাৰ পাছতে জৰাজীৰ্ণ হৈ যাতায়ত অনুপযোগী হৈ পৰিছিল ।

ৰাইজে গাঁঠিৰ ধন ভাঙি মেৰামতি কৰিলে পথ

কেইবাখনো গাঁৱৰ পথটো গড় আলিৰ পৰা মাহমৰা গড়কাপ্তানি পথত সংযোগ হৈছে । অতি ব্যস্তপূৰ্ণ একমাত্ৰ পথটোত পুখুৰী সদৃশ গাঁত সৃষ্টি হোৱাত ৰাইজৰ দুখ কুলাই-পাচিৰে নধৰা অৱস্থা । চৰকাৰী বিভাগীয় কৰ্তৃপক্ষক বিষয়টো বহুবাৰ অৱগত কৰিও কোনো সুফল নোপোৱাত চৰকাৰলৈ বাট নাচাই ৰাইজে সপ্তাহৰ প্ৰতি দেওবাৰে শ্ৰমদানেৰে পথ মেৰামতি কৰিবলৈ উদ্যোগ গ্ৰহণ কৰে । স্থানীয় গড়গুৰি যুৱক সংঘৰ সহযোগত ৰাইজৰ দান-বৰঙনিৰে কেইবাগাড়ী শিল ক্ৰয় কৰি পথত ছটিয়াই যাতায়তৰ ব্যৱস্থা কৰি লৈছে । চৰকাৰী কাম-কাজৰ ওপৰত সম্পূৰ্ণ আস্থা হেৰুৱাই পেলোৱা বুলি মত প্ৰকাশ কৰিছে ভুক্তভোগী ৰাইজে ।

লগতে পঢ়কঃ তেলেংগানাৰ ৰাসায়নিক কাৰখানাত বিধ্বংসী অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.