ETV Bharat / state

মৰাণ চৰকাৰী বাছ আস্থানত পুতি গন্ধময় পৰিবেশ - Bad condition of Moran ASTC bus station

মেৰামতিৰ অভাৱত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত জৰাজীৰ্ণ হৈ পৰা মৰাণৰ বাছ আস্থানটো ক্ৰমান্বয়ে ডাষ্টবিনৰ ৰূপ লৈছে ৷ বাছ আস্থানৰ চৌহদত দ গাঁতৰ সৃষ্টি হোৱাৰ ফলত সপ্তাহ-দহ দিনলৈকে বৰষুণৰ পানী গোট খাই বোকাময় হৈ পৰে মৰাণৰ বাছ আস্থান ৷

মৰাণ চৰকাৰী বাছ আস্থানত স্বচ্ছতাৰ নগ্ন স্বৰূপ
author img

By

Published : Oct 11, 2019, 10:11 AM IST

Updated : Oct 11, 2019, 1:09 PM IST

মৰাণ, 11 অক্টোবৰঃ যি সময়ত 'স্বচ্ছ ভাৰত'ৰ দৰে আঁচনিৰে সমগ্ৰ ভাৰতবৰ্ষক স্বচ্ছতাৰ দিশত আগুৱাই নিবলৈ চেষ্টা কৰা হৈছে তেনে সময়ত অসমৰ এখন আগশাৰীৰ চহৰ মৰাণত চৰকাৰী কাৰ্যালয়তে ধোঁৱাচাঙত উঠিল স্বচ্ছ ভাৰত আঁচনি ৷ মেৰামতিৰ অভাৱত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত জৰাজীৰ্ণ হৈ পৰা মৰাণৰ বাছ আস্থানটো ক্ৰমান্বয়ে ডাষ্টবিনৰ ৰূপ লৈছে ৷ বাছ আস্থানৰ চৌহদত দ গাঁতৰ সৃষ্টি হোৱাৰ ফলত সপ্তাহ-দহ দিনলৈকে বৰষুণৰ পানী গোট খাই বোকাময় হৈ পৰে মৰাণৰ বাছ আস্থান ৷ বহু কেইজন চৰকাৰী পৰিবহন বিষয়া থকা কাৰ্যালয়টোত নাই শৌচাগাৰৰ ব্যৱস্থা ৷ বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা নথকা কাৰ্যালয়টোত নাই দমকলৰো ব্যৱস্থা ৷

মৰাণ চৰকাৰী বাছ আস্থানত স্বচ্ছতাৰ নগ্ন স্বৰূপ

আনহাতে, বাছ আস্থানটোৰ চাৰিওকাষে চাহ-ভাতৰ হোটেলৰ লেতেৰা আৱৰ্জনাৰ লগতে অন্য পেলনীয়া সামগ্ৰীৰে ভৰপূৰ ৷ কিন্তু এইবোৰ বিষয়ৰ প্ৰতি কোনো গুৰুত্ব নাই বিভাগীয় কৰ্মচাৰীৰ ৷ ইয়াৰ পূৰ্বে সংবাদ মাধ্যমত পৰিবহন নিগমৰ বাছ আস্থানৰ জৰাজীৰ্ণ অৱস্থা সম্পৰ্কে বিস্তৃত প্ৰতিবেদন প্ৰকাশ হোৱাৰ পাচতে বিভাগীয় কৰ্তৃপক্ষই অতি কম দিনতে বাছ আস্থানটো আধুনিকীকৰণ কৰা হ'ব বুলি জানিবলৈ দিছিল যদিও এইপৰ্যন্ত সেয়া হৈ উঠা নাই ৷

অসমৰ পৰিবহন ব্যৱস্থাসমূহক লৈ ৰঙীণ বিজ্ঞাপনেৰে চমক সৃষ্টি কৰিবলৈ চেষ্টা কৰা সময়তে বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলা তথা মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে মৰাণ ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানটো আধুনিকীকৰণ কৰাত অলপো গুৰুত্ব নিদিয়াত বিধায়কগৰাকীক লৈ ক্ষোভিত মৰাণৰ সচেতন ৰাইজ ৷

Intro:পৰিবতৰ্নৰ কথা কোৱা ৰাজ্য চৰকাৰে অন্য ক্ষেত্ৰ সমূহৰ দৰে অসমৰ পৰিবহণ ব্যৱস্থা সমূহক লৈ ৰঙীন বিজ্ঞাপনেৰে চমক সৃষ্টি কৰিবলৈ চেষ্টা কৰা সময়তে অসমৰ এখন আগশাৰী চহৰ মৰাণৰ ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানৰ জৰাজীৰ্ণ অৱস্থাই লজ্জানত কৰিছে মৰাণ বাসীক । যি সময়ত 'স্বচ্ছ ভাৰত'ৰ দৰে আঁচনিৰে সমগ্ৰ ভাৰত বৰ্ষক স্বচ্ছতাৰ দিশত আগুৱাই নিবলৈ চেষ্টা কৰা হৈছে তেনে সময়ত অসমৰ এখন আগশাৰী চহৰ মৰাণত খুদ চৰকাৰী কাৰ্যালয়তে ধোঁৱাচাঙত উঠিল স্বচ্ছ ভাৰত আঁচনি । মেৰামতিৰ অভাৱত বৰ্তমান জৰাজীৰ্ণ হৈ পৰা মৰাণৰ বাছ আস্থানটো ক্ৰমান্বয়ে ডাষ্টবিনৰ ৰূপ লৈছে । দৈনন্দিন বহু কেইখন দিবা-নৈশ ৰাজ্যিক পৰিবহণ নিগমৰ লগতে অন্য ব্যক্তিগত খণ্ডৰ বাছত যাত্ৰী উঠা নমা কৰা একমাত্ৰ স্থান মৰাণ ৰাজ্যিক বাছ আস্থানৰ চৌহদত এতিয়া কদৰ্য্য ৰূপ । বাছ আস্থানৰ চৌহদত দ' দ' গাঁত সৃষ্টি হোৱাৰ ফলত এজাক বৰষুণৰ পানী সপ্তাহ দহ দিনলৈকে গোট খাই বোকা পানীৰে ভৰপূৰ হৈ থাকে মৰাণৰ বাছ আস্থান । এটা চৰকাৰী বাছ আস্থান হোৱাৰ পাছতো যাত্ৰীয়ে জিৰণি ল'বলৈ নাই এখনো আসন । বহু কেইজন চৰকাৰী পৰিবহণ বিষয়া থকা কাৰ্যালয়টোত নাই পুৰুষ-মহিলাই প্ৰস্ৰাৱ পাইখানা কৰিবলৈ কোনো ব্যৱস্থা । নাই খোৱা পানীৰো ব্যৱস্থা । যাত্ৰীয়ে বিশুদ্ধ খোৱাপানী লাভ কৰাটো দূৰৰে কথা মৰাণ ৰাজ্যিক পৰিবহণ বিভাগৰ বাছ আস্থানত নাই এটা দমকল । ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত মৰাণ ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানৰ সন্মুখ ভাগত এতিয়া জাবৰৰ দম গোটখাই ডাষ্টবিনৰ ৰূপ লৈছে । ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বোকা পানী নলগাকৈ কোনো যাত্ৰী আজিৰ দিনত মৰাণ ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানলৈ যাব নোৱাৰে । যি সময়ত ৰাজ্যিক পৰিবহণ নিগমে লাখে লাখে টকা খৰচ কৰি পৰিবৰ্তনৰ ৰঙীন বিজ্ঞাপন প্ৰকাশ কৰিছে অসমত কোটি টকীয়া বিলাসী বাছ চলোৱাৰ কথা কৈ ফুৰিছে তেনে সময়ত চৰকাৰী বাছ আস্থানত পুতৌ লগা দৃশ্য সমূহে লজ্জানত কৰে সচেতন ৰাইজক ।। পৰিৱৰ্তনৰ কথা কোৱা চৰকাৰে শাসনলৈ আহিয়েই অন্য ঠাইৰ বাছ আস্থানৰ দৰে মৰাণৰ বাছ আস্থানতো ৰঙীন বিজ্ঞাপনেৰে এখন গেট বনোৱাৰ বিপৰীতে আন একো নকৰিলে । স্বচ্ছতাৰ কথা কোৱা চৰকাৰে স্বচ্ছতাৰ বিজ্ঞাপনটো পৰিবহণ নিগমৰ চৌহদত ঠিকেই আঁৰিছে কিন্তু স্বচ্ছতাৰ কোনো মূল্য নাই মৰাণ ৰাজ্যিক পৰিবহণ নিগমৰ চৌহদত । কাৰণ বাছ আস্থানৰ চাৰিওফালে চাহ-ভাতৰ হোটেলৰ লেতেৰা আৱৰ্জনাৰ লগতে অন্য পেলনীয়া সামগ্ৰীৰে ভৰপূৰ হৈ আছে । কিন্তু এইবোৰক লৈ কোনো গুৰুত্ব নাই বিষয়া কৰ্মচাৰীৰ । কেৱল মাত্ৰ চৰকাৰী দৰমহা লৈ নাম মাত্ৰ নিজৰ দায়িত্ব পালন কৰি আহিছে । সংবাদ মাধ্যমত ইয়াৰ পূৰ্বেই মৰাণ ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থানৰ জৰাজীৰ্ণ অবস্থা সম্পৰ্কে বিস্তৃত প্ৰতিবেদন প্ৰকাশ হোৱাৰ পাছতে বিভাগীয় কৰ্তৃপক্ষই অতি কম দিনতে বাছ আস্থানটো আধুনিকিকৰন কৰা হ'ব বুলি জানিবলৈ দিছিল যদিও আজিও সেইয়া হৈ নুঠিল । জন প্ৰতিনিধিৰো কোনো গুৰুত্ব নাই এনেবোৰ কথাক লৈ । মৰাণ আৰু মাহমৰা এই দুটাকৈ সমষ্টিৰ ৰাইজ এই বাছ আস্থানৰ ওপৰত নিৰ্ভৰশীল কিন্তু কেৱল চছিয়েল মিডিয়াত উন্নয়ন জাহিৰ কৰি ফুৰা স্থানীয় বিধায়ক হিচাপে চক্ৰধৰ গগৈ আৰু যোগেন মহন কোনো এজনেই বাছ আস্থানটো মেৰামতি কৰাক লৈ আজিলৈকে গুৰুত্ব নিদিলে । ২ অক্টোবৰ তাৰিখে স্বচ্ছতাই সেৱা কাৰ্যসূচী অনুষ্ঠানত দুইজন বিধায়কে মৰাণহাট ৰেল ষ্টেচন অপৰিষ্কাৰ হৈ থকা কাৰণে সাংবাদিকৰ কেমেৰা আগতে ষ্টেচন মাষ্টৰৰ লগতে কৰ্মচাৰীক ধমকি দিছিল । সেই একেই দুইজন বিধায়কৰ সমষ্টিৰে একমাত্ৰ চৰকাৰী বাছ আস্থানৰ জৰাজীৰ্ণ, কদৰ্য্য ৰূপ । বিশেষকৈ মৰাণ সমষ্টিত অৱস্থিত মৰাণ ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানটো আধুনিকীকৰণ কৰাত বিধায়ক চক্ৰধৰ গগৈয়ে অলপো গুৰুত্ব নিদিয়াত বিধায়ক গৰাকীক লৈ ক্ষোভিত মৰাণৰ সচেতন ৰাইজ ।

Body:ঐConclusion:ঐ
Last Updated : Oct 11, 2019, 1:09 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.