ETV Bharat / state

টিংখাঙত গাহৰি পালনক লৈ সজাগতা সভা

author img

By

Published : Sep 11, 2020, 8:10 PM IST

অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ সহযোগত গাহৰি পালনক লৈ সজাগতা সভা ৷ গাহৰিৰ জন্মৰ পৰাই কি দৰে প্ৰতিপালন কৰিব লাগে,কেনে ধৰণৰ খাদ্য দিব লাগে,থাকিবৰ বাবে কেনেধৰণৰ বাসস্থান উপযোগী আদি সকলো কথা সামৰি বিশ্লেষণ ৷

গাহৰি পালনৰ ওপৰত সজাগতা সভা
গাহৰি পালনৰ ওপৰত সজাগতা সভা

ডিব্ৰুগড়, 10 চেপ্তেম্বৰ: গাহৰি পালনৰ লাভালাভ আৰু প্ৰতিপালনক বিষয়বস্তু হিচাপে লৈ বৃহস্পতিবাৰে অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ সহযোগত এখন সজাগতা সভা অনুষ্ঠিত হয় ৷ সদৌ ডিব্ৰুগড় জিলা গাহৰি পালক সন্থাৰ তত্ত্বাবধানত টিংখাঙৰ ৰাজগড় জিলা পৰিষদৰ প্ৰেক্ষাগৃহত এই কাৰ্যনিৰ্বাহক তথা সজাগতা সভাখন অনুষ্ঠিত হয় ৷ উক্ত অনুষ্ঠানত গাহৰি পালনেৰে কেনেকৈ লাভান্বিত হ'ব পাৰি সেই বিষয়ে বিশদভাৱে আলোচনা কৰা হয় ৷

টিংখাঙত গাহৰি পালনক লৈ সজাগতা সভা

প্ৰজেক্টৰৰ জৰিয়তে গাহৰিৰ জন্মৰ পৰাই কি দৰে প্ৰতিপালন কৰিব লাগে,কেনে ধৰণৰ খাদ্য দিব লাগে,থাকিবৰ বাবে কেনেধৰণৰ বাসস্থান উপযোগী আদি সকলো কথা সামৰি উপস্থিত ৰাইজৰ মাজত বিশ্লেষণ আগবঢ়োৱা হয় ৷ উক্ত অনুষ্ঠানত গুৱাহাটীৰ পশু চিকিৎসক,বিভিন্ন জিলাৰ গাহৰি সন্থাৰ বিষয়ববীয়া, বিভিন্ন প্ৰান্তৰ গাহৰি পালক,ৰাজগড়ৰ পশু চিকিৎসক,সমষ্টিৰ ভিন্ন প্ৰান্তৰ গাহৰি পালক সকলৰ লগতে বিভিন্ন গণ্য মান্য ব্যক্তি উপস্থিত থাকে । সভাৰ জড়িয়তে তেওঁলোকে ডিব্ৰুগড় জিলাতো উন্নত মানৰ গাহৰি মাংসৰ বিক্ৰী বিপণী খোলাৰ কথা ব্যক্ত কৰে ৷

লগতে পঢ়ক: বিশ্ববিদ্যালয়-মহাবিদ্যালয়ৰ মুৰব্বীৰ সৈতে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.