ETV Bharat / state

ATTSA Press Conference: এটুৱা মুণ্ডাক সকীয়নি আটছাৰ - এটুৱা মুণ্ডাক সকীয়নি আটছাৰ

চাহ জনগোষ্ঠীক ভাগ ভাগ কৰাৰ অভিযোগ প্ৰাক্তন মন্ত্ৰী এটুৱা মুণ্ডাৰ বিৰুদ্ধে । সংবাদমেলযোগে কংগ্ৰেছ নেতা এটুৱা মুণ্ডাক সকীয়নি আটছাৰ ।

ATTSA warns Atua Munda
এটুৱা মুণ্ডাক সকীয়নি আটছাৰ
author img

By

Published : Aug 19, 2023, 9:16 AM IST

এটুৱা মুণ্ডাক সকীয়নি আটছাৰ

টিংখাং,১৯ আগষ্ট: এক সময়ৰ শক্তিশালী কংগ্ৰেছ নেতা প্ৰাক্তন শ্ৰম আৰু বনমন্ত্ৰীৰ বিৰুদ্ধে এইবাৰ জাঙুৰ খাই উঠিছে চাহ জনজাতি ছাত্ৰ সন্থা । প্ৰাক্তন মন্ত্ৰীগৰাকী এটা সময়ত চাহ জনজাতি ছাত্ৰ সন্থাক নেতৃত্ব প্ৰদান কৰিয়েই কংগ্ৰেছ দলত যোগদান কৰি ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল । কিন্তু এতিয়া অসমৰ চাহ জনগোষ্ঠীৰ মানুহখিনিৰ মাজত ভাগ ভাগ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন হৈছে প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা এটুৱা মুণ্ডাৰ বিৰুদ্ধে ।

এই অভিযোগ উত্থাপন কৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থাই । গতিকে চাহ জনগোষ্ঠীসকলৰ মাজত ভাগ ভাগ কৰাৰ ষড়যন্ত্ৰৰ পৰা আঁতৰি থাকিবলৈ সকীয়নি প্ৰদান কৰিছে অসম চাহ জনজাতি ছাত্র সন্থাই । নিশা টিংখাঙৰ ৰাজগড়ত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ৰাজগড় শাখাই এখন সংবাদমেল অনুষ্ঠিত কৰি কংগ্ৰেছ নেতা এটুৱা মুণ্ডাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰে ।

নিজে এসময়ৰ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰাক্তন সম্পাদক তথা অসম চৰকাৰৰ প্ৰাক্তন শ্ৰম আৰু বনমন্ত্ৰী হৈয়ো বৃহত্তৰ চাহ জনগোষ্ঠীক ভাগ ভাগ কৰিব বিচৰা প্ৰচেষ্টাক তীব্ৰ গৰিহণা দিয়ে অসম চাহ জনজাতি ছাত্ৰ সন্থাই । তদুপৰি অসম প্ৰদেশ চাহ মজদুৰ আদিবাসী কংগ্ৰেছৰ “বাগিচা চলো” কাৰ্যসূচীৰো তীব্ৰ বিৰোধিতা কৰে আটছা নেতাসকলে ৷

প্ৰাক্তন মন্ত্ৰী এটুৱা মুণ্ডাই চাহ বাগিচা অঞ্চল সমূহৰ জনগোষ্ঠী ৰাইজৰ মাজত বিভাজন কৰি থাকিলে অনাগত সময়ত ৰাজনৈতিকভাৱে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব বুলিও উল্লেখ কৰে সংগঠনটোৰ নেতা-কৰ্মীসকলে । পিছে ইয়াৰ পিছত প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা এটুৱা মুণ্ডাই কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় ।

লগতে পঢ়ক: Drugs Seized in Bongaigaon : বঙাইগাঁৱত ড্ৰাগছসহ আটক ওম প্ৰকাশ মণ্ডলক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.