ETV Bharat / state

ATASU Round Table Conference : আহোম জনগোষ্ঠীৰ উমৈহতীয়া ৰাজনৈতিক মঞ্চৰ উকমুকনি ! - Tai Ahom organisations opposed delimitation

নিজৰ অধিকাৰৰ দাবীত একত্ৰিত হৈছে নেকি আহোম সংগঠনবোৰ ? নে নতুন ৰাজনৈতিক আদৰ্শ স্থাপনৰ কুচকাৱাজ ? সদৌ টাই আহোম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে ৮ টাকৈ আহোম জনগোষ্ঠীয় সংগঠনৰ ডিব্ৰুগড়ত অনুষ্ঠিত ঘূৰণীয়া মেজমেলে কিহৰ ইংগিত দিয়ে (ATASU lead round table conference in Dibrugarh) ? ছয় জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰণ নকৰিলে ৰাজনৈতিকভাৱে চিন্তা-চৰ্চা কৰাৰ হুংকাৰ । ইফালে সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে উজনিত আহোমৰ প্ৰভুত্ব নোহোৱা কৰাৰ প্ৰচেষ্টা কৰাৰ অভিযোগ ।

ATASU
ATASU
author img

By

Published : Apr 5, 2023, 12:36 PM IST

Updated : Apr 5, 2023, 2:13 PM IST

আটাছুৰ উদ্যোগত আহোমৰ ৮ সংগঠনৰ যুটীয়া বৈঠকৰ পিছত সংবাদমেল

মৰাণ, ৫ এপ্ৰিল : ৰাজ্যৰ বিজেপি চৰকাৰে দিয়া জাতি-মাটি-ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতি আৰু চৰকাৰৰ কাম-কাজক লৈ বৰ্তমান একেবাৰে সন্তুষ্ট নহয় আহোম জনগোষ্ঠীৰ সংগঠনসমূহ (Ahom organisations slammed Assam govt) । তাৰ উমান পোৱা গৈছে বিভিন্ন সময়ত, বিভিন্ন কাৰ্যত । শেহতীয়াভাৱে সমষ্টি পুনৰ নিৰ্ধাৰণকে ধৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীক লৈ বিভিন্ন জনগোষ্ঠীয় সংগঠনসমূহে প্ৰতিবাদ সাব্যস্ত কৰি আছে । কিন্তু তাৰ মাজতেই মঙলবাৰে ডিব্ৰুগড়ত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ আহ্বানত একত্ৰিত হয় আহোম সংগঠনসমূহ (ATASU lead round table conference in Dibrugarh) ।

আটাছুৰ আহ্বানমৰ্মে ৮ টাকৈ আহোম জনগোষ্ঠীৰ সংগঠনে এক ঘূৰণীয়া মেজমেলত মিলিত হয় । উল্লেখ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ আৰম্ভণিৰে পৰাই টাই আহোম সংগঠনসমূহে নিজৰ মতামত দাঙি ধৰাৰ লগতে ইয়াৰ বিৰুদ্ধে সৰৱ হৈ আহিছে (Tai Ahom organisations opposed delimitation) । লগতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ নামত আহোম জনগোষ্ঠীক নিঃশেষ কৰিবলৈ চক্ৰান্ত চলোৱাৰ অভিযোগ তুলি এনে চক্ৰান্ত কেতিয়াও মানি লোৱা নহ'ব বা সফল হ'ব নিদিব বুলি স্পষ্ট কৰি আহিছে । তাৰ মাজতে আটাছুৰ (All Tai Ahom Students Union) উদ্যোগত ডিব্ৰুগড়ৰ লিটল পেলেচ হোটেলত টাই আহোম সংগঠনসমূহৰ ঘূৰণীয়া মেজমেল অনুষ্ঠিত হোৱাটোৱে এক শক্তিশালী জনমত গঠনৰ ইংগিত বহন কৰিছে ।

লগতে এক নতুন ৰাজনৈতিক ভাবাদৰ্শৰো উকমুকনি দেখা গৈছে । উল্লেখ্য যে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বিগত সময়ছোৱাত টাই আহোমকে ধৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীটোক লৈ হেতালি খেলি অহা বুলি ইতিমধ্যে আটাছুকে ধৰি ছয় জনগোষ্ঠীৰ নেতৃবৃন্দই অভিযোগ কৰি আহিছে । আনহাতে, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে 2024 চনৰ লোকসভা নিৰ্বাচনৰ বাবে সমষ্টি পুনৰ নিৰ্ধাৰণৰ নামত উজনি অসমত সমষ্টি কৰ্তন কৰিবলৈ তৎপৰ হৈ পৰা বুলি অলপতে ৰাজ্যখনলৈ অহা কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ প্ৰতিনিধি দলটোক স্পষ্ট কৰি দিছে ।

তাৰ পিচতে ডিব্ৰুগড়ত অনুষ্ঠিত টাই আহোম সংগঠনৰ এই ঘূৰণীয়া মেজমেলে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ পূৰ্বে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ পৰা বিৰত থাকিবলৈ চৰকাৰক সকীয়াই দিয়ে । তদুপৰি, এই ঘূৰণীয়া মেজমেলতে টাই আহোমকে ধৰি মৰাণ, মটক, চুতীয়া, কোঁচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীক শ্ৰীঘ্ৰেই জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিবলৈ দাবী জনায় । লগতে টাই আহোম সংগঠনসমূহে সমষ্টি পুনৰ নিৰ্ধাৰণ বাতিল কৰাৰ দাবীত ৰঙালী বিহুৰ পাচতে ঐক্যবদ্ধভাৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত লয় । যদি চৰকাৰে টাই আহোমকে ধৰি ছয় জনগোষ্ঠীক শ্ৰীঘ্ৰেই জনজাতিকৰণ নকৰে, তেন্তে ৰাজনৈতিকভাৱে চিন্তা-চৰ্চা কৰাৰো হুংকাৰ দি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ।

আটাছুৰ সভাপতি মিলন বুঢ়াগোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত ঘূৰণীয়া মেজমেলত পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ সম্পাদক পুষ্পধৰ শইকীয়া, টাই আহোম জাতীয়তাবাদ পৰিষদৰ কাৰ্যকৰী সভাপতি আৰু সাধাৰণ সম্পাদক ক্ৰমে দয়ানন্দ বৰগোহাঁই আৰু অমৰজ্যোতি আৰন্ধৰা, আহোম সভাৰ সভাপতি আৰু সম্পাদক, আহোম সেনাৰ সভাপতি, আহোম জাতীয় গণ মঞ্চৰ সভাপতি, আহোম জাতীয় মহাসভাৰ সভাপতি আৰু সম্পাদক উপস্থিত থাকে ।

লগতে পঢ়ক :Pending Cases in Assam : অসমত অমীমাংসিত প্ৰায় ৫ লাখ গোচৰ

Last Updated : Apr 5, 2023, 2:13 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.