ETV Bharat / state

জনজাতিকৰণ: টিংখাঙত চোঁচৰালে মোদীৰ জুমুঠি - Narendra Modi effigy burn

আটাছু আৰু আছাৰ কৰ্মীসকলে ৰাজগড়ৰ ৰাজপথত চোঁচৰাই চোঁচৰাই দাহ কৰিলে প্ৰধানমন্ত্ৰী ‌নৰেন্দ্ৰ মোডীৰ জুমুঠি (ATASU And AASA protest in Tingkhang) ৷ অসমৰ ৬ টা জনগোষ্ঠীক কেন্দ্ৰীয় চৰকাৰে কৰা প্ৰতাৰণা সহ্য কৰা নহ'ব বুলি উল্লেখ কৰি অনাগত দিনত তীব্ৰ আন্দোলনৰ হুংকাৰ দিয়ে সংগঠন কেইটাই ।

জনজাতিকৰণ: টিংখাঙত চোঁচৰালে মোদীৰ জুমুঠি

author img

By

Published : Sep 15, 2022, 9:41 PM IST

ডিব্ৰুগড়, 15 আগষ্ট: অসমক বাদ দি ভাৰতবৰ্ষৰ কেইবাখনো ৰাজ্য ক্ৰমে তামিলনাডু, উত্তৰ প্ৰদেশ, কৰ্ণাটক, হিমাচল প্ৰদেশ আৰু ছত্তীশগড়ৰ মুঠ বাৰটা জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি দিবলৈ কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত লোৱাৰ পিছতেই অসমত পুণৰ ক্ষোভ আৰু প্ৰতিবাদৰ উদ্গীৰণ ঘটিছে ৷ কিয়নো কেন্দ্ৰীয় কেবিনেটে ৫ ৰাজ্যৰ ১২টা জনগোষ্ঠীক দিয়া জনজাতিৰ তালিকাত নাই অসমৰ নাম ।

অসমৰ ছটাকৈ জনগোষ্ঠীয়ে বিগত সুদীৰ্ঘ সময়জুৰি জনজাতিকৰণৰ বাবে দাবী তুলি আহিছে (Scheduling of six tribes) ৷ অথচ কেন্দ্ৰীয় কেবিনেটে এইবাৰো যি ৫ খন ৰাজ্যৰ ১২ টাকৈ জনগোষ্ঠীক জনজাতিকৰণৰ তালিকাত অন্তৰ্ভুক্ত কৰিলে তাত উল্লেখ নাথাকিল অসমৰ মৰাণ, মটক, চুতীয়া, কোচ-ৰাজবংশী, তাই-আহোম আৰু চাহ জনগোষ্ঠীৰ নাম ।

অসমৰ ছয় জনগোষ্ঠীক (Six tribes of Assam) জনজাতিৰ স্বীকৃতি প্ৰদান কৰাৰ ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ গুৰুত্ব নিদিয়াত এতিয়াও ক্ষোভিত হৈ পৰিছে ৰাজ্যৰ দল-সংগঠন সমূহ ।

জনজাতিকৰণ: টিংখাঙত চোঁচৰালে মোদীৰ জুমুঠি

কেন্দ্ৰীয় চৰকাৰে অসমৰ ৬ জনগোষ্ঠীক বঞ্চনা কৰাৰ বাবে ৰাজ্যজুৰি সাব্যস্ত হৈছে প্ৰতিবাদ ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে উত্তাল প্ৰতিবাদ সাব্যস্ত টিংখাং ৰাজগড়ত (ATASU And AASA protest in Tingkhang)। আটাছুৰ টিংখাং আৰু ৰাজগড় সমিতিৰ লগতে আছায়ো উত্তাল কৰিলে টিংখাং ৰাজগড়ৰ ৰাজপথ । প্ৰধানমন্ত্ৰী ‌নৰেন্দ্ৰ মোডীৰ জুমুঠি ৰাজপথত চোঁচৰাই চোঁচৰাই আনি দাহ কৰি আটাছু আৰু আছাই সাব্যস্ত কৰিলে প্ৰতিবাদ (Narendra Modi effigy burn) ।

কেৱল ইমানেই নহয়, বিজেপি চৰকাৰ গ' বেক, নৰেন্দ্ৰ মোডী হায় হায়, অসম চৰকাৰৰ কাম নাই আদি শ্ল'গানেৰে উত্তাল কৰিলে ৰাজগড়ৰ ৰাজপথ । অসমৰ ৬ টা জনগোষ্ঠীক কেন্দ্ৰীয় চৰকাৰে কৰা প্ৰতাৰণা সহ্য কৰা নহ'ব বুলি উল্লেখ কৰি অনাগত দিনত তীব্ৰ আন্দোলনৰ হুংকাৰ দিয়ে সংগঠন কেইটাই ।

লগতে পঢ়ক: জনজাতিকৰণৰ দাবীত আন্দোলনৰ হুংকাৰ সদৌ অসম কোচ-ৰাজবংশী সন্মিলনীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.