ডিব্ৰুগড়, 2 জুলাই: সামাজিক মাধ্যমৰ জৰিয়তে আলফা স্বাধীনক মুকলি সমৰ্থন কৰি কাৰাবন্দী হৈ আছে আন এগৰাকী যুৱতী ৷ ডেৰমাহৰ পূৰ্বে সংবাদ মাধ্যমত প্ৰচাৰিত এক বাতৰিৰ কমেন্ট বক্সত মৰাণৰ ৰাইদঙীয়া গাঁৱৰ ২৩ বছৰীয়া যুৱতী মাইনা চুতীয়াই (প্ৰণীতা চুতীয়া)ই(Wushu player Pronita Chutia) "আলফাৰ লিংক পালে ময়ো যাম, আই লাভ আলফা" বুলি মন্তব্য প্ৰকাশ কৰিছিল (Facebook comment supporting ULFA I) ।
তাৰ ভিত্তিত চৰাইদেউ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ এটা দলে 120 (B)/121/121A, R/W- Sec- 10/13/18 (B) UA(P) Act & R/W- Sec- 67 of IT Act 2000 ধাৰাৰ অধীনত মৰাণহাট আৰক্ষীথানাত 36/22 নম্বৰত এক গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে মাইনা চুতীয়াক । সম্প্ৰতি মাইনা চুতীয়া শিৱসাগৰ জিলাৰ কাৰাগাৰত বন্দী হৈ আছে (Wushu player from Moran in Jail)।
উল্লেখযোগ্য যে মাইনা চুতীয়া এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৱুশ্বু খেলুৱৈৰ লগতে ঘৰৰ কাষতে এটি গোট গঠন কৰি সৰু সৰু লৰা-ছোৱালীক প্ৰশিক্ষণ দি আছিল ৷ ৭ আগষ্টৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া চিনিয়ৰ ৱুশ্বু চেম্পিয়নশ্বীপৰ বাবে গোলাঘাট জিলাৰ হৈ নিৰ্বাচিত হৈছিল (Wushu Championship in Guwahati)৷ এনে এক সময়ত কাৰাগাৰৰ বন্ধ কুঠৰীত নীৰৱে উচুপিব লগা হৈছে খেলুৱৈগৰাকীয়ে ।
আজি প্ৰণিতা চুতীয়াৰ বাসগৃহত মৰাণৰ দল-সংগঠনৰ নেতৃত্বত উপস্থিত হৈ পৰিয়ালৰ খবৰ লোৱাৰ লগতে অতি সোনকালে প্ৰতিভাৱান খেলুৱৈগৰাকীক মুকলি কৰি দিবৰ বাবে চৰকাৰলৈ আহ্বান জনায় । লগতে মাতৃৰো আহ্বান "মোৰ ছোৱালীজনীক মুকলি আকাশৰ তলত এৰি দিয়ক"।
লগতে পঢ়ক: বৰপেটাত পুনৰ এজন সন্দেহযুক্ত জেহাদী আটক