মৰাণ,29 মাৰ্চ: নিৰ্বাচনী দায়িত্ব পালন কৰি থকা অৱস্থাতে গুৰুতৰভাৱে অসুস্থ হৈ মৃত্যুবৰণ কৰা শিক্ষক তুলসী খনিকৰৰ বাসগৃহত সোমবাৰে উপস্থিত হয় অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনৰ সদস্যসকল ৷ তুলসী খনিকৰৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি খনিকৰৰ পৰিয়ালক সংস্থাপন দিয়াৰ বাবে ৰাজ্য চৰকাৰক দাবী জনায় সন্মিলনৰ সদস্যসকলে ৷
ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনৰ বিষয়ববীয়াৰ উপস্থিতিত খনিকৰৰ বাসগৃহতে অনুষ্ঠিত হয় এখন স্মৃতিচাৰণ সভা ৷ সভাত তুলসী খনিকৰৰ মৃত্যুত নিৰ্বাচনী বিধি অনুসৰি, 55 বছৰৰ উৰ্ধৰ কোনো কৰ্মচাৰীক নিৰ্বাচনী দায়িত্ব দিব নালাগে ৷
খনিকৰৰ পৰিয়ালৰ এজন লোকক সংস্থাপন দিয়া, আৰ্থিক সাহাৰ্য দিয়া, শিক্ষকৰ উপৰিও অন্যান্য বিভাগৰ কৰ্মচাৰীক নিৰ্বাচনী দায়িত্ব দিয়াৰ বাবে অনুৰোধ জনায় অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনে ৷ নিৰ্বাচনী বিষয়া উপায়ুক্তৰ গুৰুত্বহীনতাক কঠোৰ সমালোচনা কৰাৰ লগতে দুদিনৰ পাচতো পৰিয়ালটোক সমবেদনা জনোৱাৰ বাবে চৰকাৰ প্ৰশাসনে গুৰুত্ব নিদিয়াত সকলোৱে ক্ষোভ প্ৰকাশ কৰে ।
উল্লেখ্য যে, দুদিন পূৰ্বে মৰাণৰ হাজোৱা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক তুলসী খনিকৰে চৰাইদেউ জিলাৰ 147 নং ভোটকেন্দ্ৰত নিৰ্বাচনী দায়িত্ব পালন কৰি থকা অৱস্থাতে গুৰুতৰভাৱে অসুস্থ হৈছিল ৷ ইয়াৰ পাচতে চিকিৎসালয়লৈ নিয়া অৱস্থাতে মৃত্যু হয় শিক্ষক গৰাকীৰ ৷
লগতে পঢ়ক : জনীয়াত তীব্ৰবেগী ট্ৰেক্টৰে মহতিয়াই নিলে এখন বাইক