ETV Bharat / state

Microfinance Relief scheme: মহিলাসকলক মাইক্ৰ'ফাইনেন্সৰ ঋণৰ পৰা মুক্ত কৰাৰ প্ৰতিশ্ৰুতি কিয় দিছিল মুখ্যমন্ত্ৰীয়ে ! - Microfinance Relief Incentive relief Program

ডিব্ৰুগড়ৰ মানকটা খেলপথাৰৰ জনসভা ৷ উক্ত সভাতে 12 হাজাৰ মহিলাক মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

Microfinance Relief scheme
মহিলাসকলক মাইক্ৰ'ফাইনেন্সৰ ঋণৰ পৰা মুক্ত কৰাৰ প্ৰতিশ্ৰুতি কিয় দিছিল মুখ্যমন্ত্ৰীয়ে
author img

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 5:28 PM IST

মহিলাসকলক মাইক্ৰ'ফাইনেন্সৰ ঋণৰ পৰা মুক্ত কৰাৰ প্ৰতিশ্ৰুতি কিয় দিছিল মুখ্যমন্ত্ৰীয়ে

ডিব্ৰুগড়, 16 অক্টোবৰ : নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি পালনৰ বাবে তৎপৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । পুনৰ জিলাই জিলাই জনসভা অনুষ্ঠিত কৰি মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা ব্যৱস্থা কৰিছে । এক প্ৰকাৰ লোকসভা নিবাৰ্চনৰ পূৰ্বে হাজাৰ হাজাৰ মহিলাক মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ কৰি ৰাজনৈতিক লাভৰ অংকত যেন ব্যস্ত মুখ্যমন্ত্ৰী শৰ্মা ।

সোমবাৰে ডিব্ৰুগড়ত মানকটা খেলপথাৰত অনুষ্ঠিত হয় এক জনসভা ৷ উক্ত সভাতে জিলাখনৰ 12 হাজাৰ মহিলাক মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷ প্ৰতিশ্ৰুতি পালন কৰিবলৈ গৈ কি কি অসুবিধাৰ সন্মুখীন হ’ল সেই কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই ভাষণ প্ৰসংগত কয়, ‘‘নিৰ্বাচনৰ পূৰ্বে মোক ডিব্ৰুগড়-তিনিচুকীয়াৰ মহিলাসকলে এক অনুৰোধ কৰিছিল ৷ সেই অনুৰোধ আছিল ঋণ মাফ কৰিব লাগে ৷ কিন্তু মই এই সন্দৰ্ভত একো বুজি পোৱা নাছিলো ৷’’

তেওঁ পুনৰ কয়, ‘‘মই বুজাৰ চেষ্টা কৰিলো আৰু নিৰ্বাচনী সভাত দৰিদ্ৰ মহিলাসকলক কিছু সকাহ দিম বুলি মই প্ৰতিশ্ৰুতি দিছিলো । নিৰ্বাচন শেষ হোৱাৰ পাচতে মই মুখ্যমন্ত্ৰীৰ আসনত বহাৰ লগে লগে মাইক্ৰফাইনেন্সৰ সৈতে আলোচনা কৰাত 12 হাজাৰ কোটি টকাৰ ঋণ লোৱা বুলি জানিব পাৰিলো । এই টকাৰে 12 হাজাৰ কিলোমিটাৰ পথ, চৰকাৰী কৰ্মচাৰীৰ 6 মাহৰ দৰমহা দিব পাৰি । ইমান টকা প্ৰদান কৰাটো সম্ভৱ নাছিল । কিন্তু মহিলাসকলৰ জীৱন যাতে সুখৰ হয়, ঋণ লৈ যি অশান্তি হৈছে তাক নোহোৱা কৰিবলৈ এই ঋণ মাফ কৰাৰ ব্যৱস্থা কৰা হৈছে ।’’ এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, মন্ত্ৰী বিমল বৰা আৰু কেইবাগৰাকী বিধায়ক উপস্থিত আছিল ৷

লগতে পঢ়ক:Wheat seeds recovered : দুৰ্নীতিমুক্ত অসমত বিনামূলীয়া ঘেঁহুৰ বীজৰ ক’লা বেহা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.