ETV Bharat / state

Gothia Cup: ছুইডেনৰ খেলপথাৰত উজলিব ডিব্ৰুগড়ৰ নয়ন কোঁৱৰ

author img

By

Published : Jul 9, 2023, 7:35 PM IST

ছুইডেনলৈ উৰা মাৰিলে ডিব্ৰুগড়ৰ নয়ন কোঁৱৰে । ছুইডেনৰ Gothia কাপ ফুটবললৈ ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিবলৈ নয়নে ডিব্ৰুগড়ৰ পৰা আৰম্ভ কৰিছে যাত্ৰা ৷

Dibrugarh player in Indian football team
Gothia কাপ আন্তঃৰাষ্ট্ৰীয় ফুটবল টুৰ্ণামেণ্ট

মৰাণ, ৯ জুলাই: বাৰীৰ কঠিয়াতলিত টেঙা বল খেলি ফুটবলেৰে বিশ্ব জয়ৰ বাবে আগবাঢ়িছে ডিব্ৰুগড়ৰ নয়ন কোঁৱৰ। ছুইডেনৰ খেলপথাৰত উজলিব ডিব্ৰুগড়ৰ নয়ন । ছুইডেনত অনুষ্ঠিত হ'ব লগা Gothia কাপত ভাৰতীয় দলৰ হৈ প্ৰতিনিধিত্ব কৰিবলৈ ডিব্ৰুগড়ৰ খেলুৱৈ নয়নৰ কোঁৱৰে দেওবাৰে আৰম্ভ কৰিছে যাত্ৰা । বিমানকোঠলৈ গঞা ৰাইজে শুভেচ্ছা-আৰ্শীবাদ দি আগুৱাই দিলে নয়নক ।

বাঁহৰ সৰু পঁজাৰ পৰাই জগত জিনাৰ মন নয়নৰ । তেওঁ টেঙা বল খেলিয়েই বিশ্ববাসীক দুভৰিৰ চমক দেখুৱাব । দুচকুত তাৰ প্ৰতিশ্ৰুতিৰ চমকনি। প্ৰচুৰ সম্ভাৱনা আৰু প্ৰত্যাশাৰে সকলোৰে বাবে গৌৰৱৰ এক মাহেন্দ্ৰ ক্ষণ কঢ়িয়াই আনিব । যাত্ৰা পথত জাউৰিয়ে জাউৰিয়ে আৰ্শীবাদ বৰষিলে অনেক শুভাকাংক্ষীৰ । বিমানকোঠলৈকে গঞা ৰাইজে ৰেলী কৰি লৈ গ'ল এটি ফুটবলৰ যাদুৰে সহস্ৰজনক সন্মোহিত কৰা ৰাজ্যৰ এটি জাগ্ৰত প্ৰতিভাক । কিয়নো ছুইডেনৰ প্ৰখ্যাত Gothia কাপ আন্তঃৰাষ্ট্ৰীয় ফুটবল টুৰ্নামেণ্টত ভাৰতীয় দলত প্ৰতিনিধিত্ব কৰিব নয়ন কোঁৱৰে।

আজি ডিব্ৰুগড় বিমানকোঠৰ পৰা উৰা মাৰিলে ইউৰোপ মহাদেশলৈ । বিশ্বৰ এখন আগশাৰীৰ জুনিয়ৰ আন্তঃৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা Gothia কাপ ফুটবল টুৰ্নামেণ্টত ভাৰতীয় দলত স্থান লাভ কৰা এইগৰাকী কণমানি খেলুৱৈ হৈছে ডিব্ৰুগড় জিলাৰ ডিকম জাতীয় বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ নয়ন কোঁৱৰ । অহা ১৬ জুলাই পৰা অনুষ্ঠিত হ'ব Gothia কাপ ফুটবল টুৰ্নামেণ্ট । ডিব্ৰুগড়ৰ মোহনবাৰী সৰুপথাৰ গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ এটি সাধাৰণ পঁজাত বাস কৰা বীৰু কোঁৱৰ আৰু মণিকা কোঁৱৰৰ সন্তান নয়নৰ আজি যাত্ৰা পথত অনেকজনে হিয়া উজাৰি আৰ্শীবাদ দিলে ।

সকলোৱে নামঘৰত আঁঠু লৈ দেশৰ বাবে বিজয় ধ্বজা কঢ়িয়াই আনিবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰে । উল্লেখ্য যে Gothia কাপ হৈছে পেছাদাৰী ফুটবল ক্লাব বি কে হেকেনে আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় যুৱ সংঘৰ ফুটবল প্ৰতিযোগিতা ৷ যিখন ১৯৭৫ চনৰ পৰা ছুইডেনৰ গোটেনবাৰ্গত প্ৰতি বছৰে অনুষ্ঠিত হৈ আহিছে ৷ অংশগ্ৰহণকাৰী দলৰ ক্ষেত্ৰত বিশ্বৰ আটাইতকৈ ডাঙৰ প্ৰতিযোগিতা বুলি গণ্য কৰা এই Gothia কাপ ছুইডেনৰ সৰ্ববৃহৎ বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতা ৷ ১৯৭৫ চনত ২৭৫ টা দলৰ অংশগ্ৰহণেৰে Gothia কাপ আৰম্ভ হৈছিল ৷ তেনে এখন প্ৰতিযোগিতাত ডিব্ৰুগড়ৰ নয়ন বিশ্ববাসীৰ আগত জিলিকি উঠক তাৰে কামনা কৰিছে সকলোৱে ।

লগতে পঢ়ক:Constituency Delimitation: নাহৰসাঁকোত মহিলা প্ৰতিবাদকাৰীক দুৰ্ব্যৱহাৰ কৰা আৰক্ষীক শাস্তিৰ দাবী বিভিন্ন দল-সংগঠনৰ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.