ডিব্ৰুগড়, 3 ছেপ্তেম্বৰ : উতলা পানী ঢালি শিশু নির্যাতনকাৰী চিকিৎসক ডাঃ সিদ্ধি প্রসাদ দেউৰী আৰু মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা ড° মিতালী কোঁৱৰক গ্ৰেপ্তাৰত ব্যৰ্থ ডিব্ৰুগড় আৰক্ষী । ডিব্ৰুগড় আৰক্ষীয়ে অভিযুক্ত চিকিৎসক দেউৰীৰ পুত্ৰ প্ৰীয়াংশু প্ৰতীম দেউৰীৰ লগতে পুত্ৰক পলুৱাই ৰখাৰ অভিযোগত সহযোগী কুনাল সেনাপতি নামৰ এজনক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে । ডিব্ৰুগড়ৰ লাহোৱাল আৰক্ষীয়ে ঘোৰামৰাৰ পৰা গ্ৰেপ্তাৰ কৰে পুত্ৰ সহ সহযোগীজনক ৷
আনহাতে, বিৰ্তকিত ডাঃ সিদ্ধি প্ৰসাদ দেউৰী আৰু ড° মিতালী কোঁৱৰক গ্ৰেপ্তাৰৰ দাবীত বৃহস্পতিবাৰে ডিব্ৰুগড় সদৰ থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে আটছা সহ নাৰী সংগঠনে ৷
অভিযোগ অনুসৰি, আৰক্ষীয়ে দোষী ব্যক্তিক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ বিভিন্ন দল-সংগঠনৰ । আৰক্ষীয়ে অপৰাধীৰ পক্ষ গ্ৰহণ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰি সদৰ থানাৰ চৌহদ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে ।
লগতে পঢ়ক : পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ দাবীত গুৱাহাটী বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীৰ প্ৰতিবাদ