ETV Bharat / state

Assam missing couple: হিমাচলত সন্ধানহীন অসমৰ দম্পতি সন্ধান লাভ

author img

By

Published : Jul 11, 2023, 9:16 PM IST

হিমাচলৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতো কুশলে আছে দেৱাশীষ ৰাজখোৱা, শিখা ফুকন আৰু শান্তনু গগৈ ৷

himachal landslides
পৰিয়ালৰে সৈতে কথা পাতিলে হিমাচলত সন্ধানহীন হৈ পৰা অসমৰ দম্পতিয়ে

ডিব্ৰুগড়, 11 জুলাই : হিমাচল প্ৰদেশৰ বৰ্তমানৰ পৰিস্থিতি বৰ্ণনাতীত ৷ ধাৰাষাৰ বৰষুণ আৰু হঠাৎ অহা বানে এফালৰ পৰা শেষ কৰি নিছে সৌন্দৰ্যৰ সমাহাৰ হিমাচল প্ৰদেশক ৷ ধাৰাষাৰ বৰষুণৰ পাচতে হিমাচলত ভয়ংকৰ বান পৰিস্থিতিত সন্ধানহীন হৈছিল অসমৰ চৰাইদেউৰ দম্পতী । ৭৩ ঘণ্টা ধৰি সন্ধানহীন হৈ থকা সোণাৰি পাৰ্বতীপুৰৰ দেৱাশীষ ৰাজখোৱা, শিখা ফুকন আৰু শান্তনু গগৈ বৰ্তমানে কুশলে থকাৰ খবৰ পোৱা গৈছে ।

অৱশেষত পৰিয়ালৰ সৈতে কথা পাতিলে হিমাচল প্ৰদেশৰ প্ৰাকৃতিক দুৰ্যোগত আৱদ্ধ হৈ পৰা সোণাৰিৰ দেৱাশীষ ৰাজখোৱাই । প্ৰাকৃতিক বিপৰ্যয়ৰ মাজত আৱদ্ধ হৈ পৰা সোণাৰিৰ নৱ-দম্পতী দেৱাশিষ ৰাজখোৱা, শিখা ফুকন আৰু পাৰ্বতীপুৰৰ শান্তনু গগৈৰ লগতে শিৱসাগৰৰ এজন লোকক কুল্লু জিলাৰ থালোটৰ এটা পৰিয়ালত আশ্ৰয় দিছিল প্ৰশাসনে । প্ৰাকৃতিক বিপৰ্যয়ৰ বাবে জিলাখনত বিদ্যুৎ তথা ইণ্টাৰনেট সংযোগ বন্ধ হৈ পৰাত পৰিয়ালৰ লগত সংযোগ বিচ্ছিন্ন হৈ পৰিছিল তেওঁলোকৰ ।

সম্প্ৰতি আটাইকে লৈ হিমাচল প্ৰদেশ প্ৰশাসন চিমলা অভিমুখে ৰাওনা হোৱা বুলি জানিবলৈ দিছে তেওঁলোকে পৰিয়ালৰ লোকক । দেৱাশীষ ৰাজখোৱাৰ সৈতে পিতৃয়ে ফোনত কথা পাতিবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে । ১২ জুলাইত গৃহ অভিমুখে অহাৰ কথা আছিল যদিও এতিয়া দেৱাশীষ আৰু শিখাৰ লগত আন লোকসকল কেতিয়া গৃহ পাবহি সেয়া অনিশ্চয়তাৰ মাজতেই আছে । দেৱাশীষ ৰাজখোৱাৰ পিতৃয়ে জানিবলৈ দিয়া অনুসৰি 6 জুলাই তাৰিখেই ৰাওনা হৈছিল হিমাচললৈ । বান পৰিস্থিতিৰ পাচৰ পৰাই পৰিয়ালৰ সৈতে কোনো যোগাযোগ হোৱা নাছিল দেৱাশীষ আৰু শিখাৰ ।

লগতে পঢ়ক : Missing news of Assam: হিমাচলত ফুৰিবলৈ গৈ সন্ধানহীন সোণাৰিৰ দম্পতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.