ETV Bharat / state

বাজেট ব্যয় সন্দৰ্ভত দেৱব্ৰত শইকীয়াৰ মন্তব্যক অপপ্ৰচাৰ আখ্যা ৰাজ্যিক বিজেপিৰ

author img

By

Published : Aug 23, 2020, 4:45 AM IST

কিছুমান উদ্দেশ্য প্রণােদিত অপপ্রচাৰেৰে ৰাইজৰ মাজত বিভ্রান্তি সৃষ্টিৰ অপচেষ্টাত বিৰোধী দলপতি দেৱব্রত শইকীয়া লিপ্ত হোৱাৰ অভিযোগ উত্থাপিত কৰিছে ৰাজ্যিক বিজেপিৰ মুখপত্ৰ সুভাষ দত্তই।

assam bjp
assam bjp

ডিব্ৰুগড়,22 আগষ্ট : বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক ওভতি ধৰিলে ৰাজ্যিক বিজেপিয়ে । কংগ্ৰেছী আমোলৰ তুলনাত অসমত ৭০ শতাংশ ব্যয় বৃদ্ধিৰ দাবী । বাজেট ব্যয় সম্পর্কে কিছুমান উদ্দেশ্য প্রণােদিত অপপ্রচাৰেৰে ৰাইজৰ মাজত বিভ্রান্তি সৃষ্টিৰ অপচেষ্টাত বিৰোধী দলপতি দেৱব্রত শইকীয়া লিপ্ত হোৱাৰ অভিযোগ উত্থাপিত কৰিছে ৰাজ্যিক বিজেপিৰ মুখপত্ৰ সুভাষ দত্তই।

ডিব্ৰুগড়ত এক সংবাদ মেল যোগে কংগ্রেছী আমােলৰ চৰকাৰৰ ২০১৫-১৬ বিত্তীয় বৰ্ষৰ বিয়াল্লিছ হাজাৰ কোটি ব্যয়ৰ বিপৰীতে ২০১৯-২০ বিত্তীয় বর্ষত বাজেট ব্যয় প্রায় ৮২০০০ কোটি টকা বৃদ্ধি পোৱা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছী আমােলতকৈ দুগুণ বুলি কয় মুখপত্ৰ সুভাষ দত্তই । বিৰোধী দলপতি দেবব্রত শইকীয়াক ওভতি ধৰি ভাৰতীয় জনতা পার্টি, অসম প্রদেশৰ মুখপাত্র সুভাষ দত্ত কয় যে, বিৰোধী দলপতিজনে সম্পূর্ণ উদ্দেশ্য প্রণোদিতভাবে মুখ্যমন্ত্ৰী সর্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি মিত্রজোঁটৰ চৰকাৰখনক সমালােচনা কৰিছে ৷ বাজেট ব্যয়ৰ সম্পর্কে কৰা মন্তব্য অতি তৰল বুলি অভিহিত কৰি প্রকৃত সত্যৰ মুখামুখি হ’বলৈ কংগ্রেছী নেতাসকলৰ সৎ সাহস নাই বুলি ব্যক্ত কৰে সুভাস দত্তই ।

বাজেট ব্যয় সন্দৰ্ভত দেৱব্ৰত শইকীয়াৰ মন্তব্যক অপপ্ৰচাৰ আখ্যা ৰাজ্যিক বিজেপিৰ

কংগ্রেছৰ আমােলত দুর্নীতি-ভ্ৰষ্টাচাৰেৰে ক্ষত-বিক্ষত কৰি পেলােৱা ৰাজ্যখনৰ অর্থনৈতিক ব্যৱস্থাটোক অতি দক্ষতাৰে পুনৰুজ্জীৱিত কৰি ৰাজ্যৰ বিত্তমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই ২০১৬-১৭ বৰ্ষৰ পৰা বর্তমানলৈকে প্রত্যেক বছৰে বাজেট ব্যয় বৃদ্ধি কৰি বিগত বৰ্ষত ৮৫০০০ কোটি লৈকে নিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰে । বিৰোধী দলপতি হিচাপে গঠনমূলক সমালােচনা তেখেতৰ অধিকাৰ বুলি কৈ ৰাইজৰ মাজত বিভ্রান্তি সৃষ্টৰ বাবে চৰকাৰখনৰ সফলতাসমূহ ঈর্ষান্বিত হৈ অপপ্রচাৰ চলােৱাটো হতাশাৰ প্রতিফলনৰ বাদে আন একো নহয় বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখপাত্ৰ গৰাকীয়ে ।

ৰাজ্যিক বিজেপিৰ মুখপত্ৰ সুভাষ দত্ত সংবাদ মেল

সর্বানন্দ সোণোৱাল চৰকাৰৰ সফলতাত শংকিত কংগ্রেছ নেতা সকলৰ সমালােচনাৰ প্ৰত্যুত্তৰ দি ৰাজ্যিক বিজেপিৰ মুখপাত্রজনে লগতে কয়, যােৱা চাৰে চাৰি বছৰৰ ভিতৰত অসম চৰকাৰে ৰাজ্যখনৰ বিভিন্ন দিশত শূন্য সহনশীলতাৰ নীতিৰ উন্নয়ন কৰিছে ।

লগতে পঢ়ক : কৃষক মুক্তিৰ নতুন ৰাজনৈতিক দলঃ অখিল গগৈ হ'ব মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.