টিংখাং, 8 মাৰ্চ: ৰাজ্যৰ ৰাজনীতিত প্ৰাৰ্থীত্বকেন্দ্ৰীক সংঘাতে বিশেষভাৱে চৰ্চা লাভ কৰি থকাৰ মাজতে অসম জাতীয় পৰিষদে টিংখাং সমষ্টিৰ প্ৰাৰ্থী সলনি কৰিছে ৷ দেওবাৰে দলটোৱে প্ৰকাশ কৰা প্ৰাৰ্থীৰ তলিকাখনত মিলন সোণোৱালক টিংখাং বিধানসভা সমষ্টিৰ বাবে প্ৰাৰ্থীত্ব প্ৰদান কৰিছিল যদিও সোমবাৰে টিংখাং বিধানসভা সমষ্টিৰ প্ৰাৰ্থী সলনি কৰে অসম জাতীয় পৰিষদে ৷
পূৰ্বৰ প্ৰাৰ্থী মিলন সোণোৱালৰ সলনি শোভাকৰন কোহাঞীক সোমবাৰে অসম জাতীয় পৰিষদে নতুনকৈ দলীয় টিকট প্ৰদান কৰে ৷ প্ৰাপ্ত তথ্য অনুসৰি কিছু কাৰিকৰী অসুবিধাৰ বাবে পূৰ্বৰ প্ৰাৰ্থী মিলন সোণোৱালৰ পৰিৱৰ্তে শোভাকৰন কোহাঞীক দলে প্ৰাৰ্থীত্ব প্ৰদান কৰে ৷ অসম জাতীয় পৰিষদে শোভাকৰন কোহাঞীক প্ৰাৰ্থীত্ব দিয়াত টিংখাঙৰ ৰাইজৰ লগতে দলৰ বিষয়ববীয়া সকল উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে ৷ মঙলবাৰে ডিব্ৰুগড় জিলা ৰিটাৰিং বিষয়াৰ হাতত শোভাকৰন কোহাঞীয়ে মনোনয়ন দাখিল কৰিব বুলি জানিব পৰা গৈছে ৷