ETV Bharat / state

পৰিভ্ৰমী শামুক ভঙা চৰাইৰ আশ্ৰয়স্থলীলৈ পৰিণত হোৱা মৰাণৰ এখন গাঁও

author img

By

Published : Nov 1, 2020, 12:42 PM IST

পৰিভ্ৰমী চৰাই শামুক ভঙাৰ আশ্ৰয় স্থলীলৈ পৰিণত হৈছে মৰাণৰ খোৱাং সোণোৱাল গাঁওখন ৷ গাঁওখনৰ আম, চটিয়ানা আদি ওখ গছক আশ্ৰয় স্থল হিচাপে বাছি লৈছে এই শামুক ভঙা চৰাইবিধে ৷ বহাগ মাহৰ আগে আগে একে প্ৰজাতিৰ চৰাইবিধৰ অসংখ্য গাঁওখনলৈ আহে আৰু খৰালি কাল পৰাৰ লগে লগে উৰা মাৰে নিজৰ প্ৰকৃত স্থানলৈ ।

Asian openbill stork has been living in a gaon of Khowang
শামুক ভঙা চৰাইৰ আশ্ৰয়স্থলী এখন গাঁও

মৰাণ,1 নৱেম্বৰ : পৰিভ্ৰমী চৰাইৰ বাসস্থানলৈ পৰিনত হৈছে মৰাণৰ এখন গাঁও ৷ শামুক ভঙা নামৰ এই চৰাইবিধৰ আশ্ৰয় স্থলীলৈ পৰিণত হোৱা গাওঁখন হৈছে মৰাণৰ খোৱাং সোণোৱাল গাঁও ৷ গাঁওখনত এক বিনন্দীয়া দৃশ্য এতিয়া দৈনিক পৰিস্ফুত হৈছে মৰাণৰ সমীপৰ খোৱাঙৰ এই গাঁৱখনত । শামুক ভঙা চৰাই হিচাপে পৰিচিত অগনন চৰাইয়ে এতিয়া বংশ বৃদ্ধিৰ বাবে বাছি লৈছে এই খোৱাং সোণোৱাল গাঁৱক ।

গাঁওখনৰ আম,চটিয়ানা আদি ওখ গছসমূহক আশ্ৰয় স্থল হিচাপে বাছি লৈছে এই শামুক ভঙা চৰাইবিধে । প্ৰতিজোপা গছত সাজি লৈছে নিজৰ নিজৰ বাঁহ আৰু ইয়াতে থাকি বংশ বৃদ্ধি কৰিছে এই বিশেষ প্ৰজাতিৰ পৰিভ্ৰমী চৰাইবিধে ৷

শামুক ভঙা চৰাইৰ আশ্ৰয়স্থলী এখন গাঁও

স্থানীয় লোকে জনোৱা মতে, পৰিভ্ৰমী এই চৰাইবোৰ বহাগ মাহৰ আগে আগে গাঁওখনলৈ আহে আৰু খৰালি কাল সোমোৱাৰ লগে লগে উৰা মাৰে অন্য ঠাইলৈ। এই চৰাইবিধৰ পৰা ৰাইজৰ কোনো ধৰণৰ অসুবিধা নহয় স্থানীয় ৰাইজৰ । খোৱাং সোণোৱাল গাঁৱৰ ৰাইজেও এই চৰাইৰ জাকবোৰক আতংকিত নকৰাকৈ ৰাখিছে অতি মৰমেৰে। অৱশ্যে দুই এটা পোৱালি বাঁহৰ পৰা পৰি মৃত্যু মুখতো পৰিছে বুলি জনালে স্থানীয় ৰাইজে ৷

যিটো সময়ত গছ-গছনি, জীৱ-জন্তু আৰু পক্ষীকুলৰ ওপৰত জীৱ শ্ৰেষ্ঠ মানুহৰ অত্যাচাৰ বাঢ়িব ধৰিছে, সেই সময়তে খোৱাঙৰ এইখন গাঁৱৰ ৰাইজে পক্ষীকুলৰ সৈতে সহাৱস্থানে দাঙি ধৰিছে এক সুন্দৰ নিদৰ্শন ।

লগতে পঢ়ক : কোকৰাঝাৰত চুৰি বাইকসহ বাইকচোৰ আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.